লণ্ডনৰ নদীত উদ্ধাৰ ভাৰতীয় ছাত্ৰৰ মৃতদেহ

এইবাৰ লণ্ডনৰ এখন নদীত উদ্ধাৰ হৈছে ভাৰতীয় ছাত্ৰৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো ২৩ বছৰীয়া এজন ভাৰতীয় ছাত্ৰৰ। খবৰ অনুসৰি মৃতদেহটো ভাৰতৰ মিটকুমাৰ পেটেল নামৰ ছাত্ৰজনৰ। জানিব পৰা মতে ছাত্ৰজন ছেপ্টেম্বৰ মাহত উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ গৈছিল। কিন্তু তাৰ দুমাহৰ পিছত অৰ্থাৎ ১৭ নৱেম্বৰত মিটকুমাৰ পেটেল নামৰ ছাত্ৰজন নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছিল। তাৰ চাৰি দিনৰ পাছতে ২১ নৱেম্বৰত পূব লণ্ডনৰ কেনাৰী ৱাৰ্ফ অঞ্চলৰ টেমছ নদীত আৰক্ষীয়ে মিতকুমাৰ পেটেলৰ মৃতদেহ উদ্ধাৰ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...