দেশজুৰি বিৰাট কোহলিৰ অনুৰাগীৰ জন্মদিন পালন

১৯৮৮ চনৰ আজিৰ দিনটোতে দিল্লীত জন্মলাভ কৰিছিল এজন প্ৰতিভাধৰে। পশ্চিম দিল্লীৰ জনাকীৰ্ণ অঞ্চলত জন্মলাভ কৰা এইজন যুৱকে এদিন যে বিশ্ব ক্ৰিকেটত অভিলেখৰ পাহাৰ গঢ়িব সেই অনুমান নিশ্চিতভাৱে সেই সময়ত কোনোৱেই কৰিব পৰা নাছিল। ক্ৰিকেট যেন তেওঁৰ বাবে আছিল সকলো। পিতৃৰ বিয়োগতো ৰঞ্জি মেচত অংশগ্ৰহণ কৰি তেওঁৰ দলক পৰাজয়ৰ পৰা উদ্ধাৰ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ গঢ়িছে ৰানৰ পাহাৰ। অনুৰাগী মতে তেওঁ হেনো মেচিন। ‘ৰান মেচিন’। এই বিশেষ ক্ৰিকেটাৰজন আৰু কোনো নহয়, তেওঁ হৈছে ক্ৰিকেট বিশ্বৰ মহাতাৰকা বিৰাট কোহলি।

আজি ৩৫ বছৰীয়া হ’ল কিং কোহলি
দেশজুৰি বিৰাট কোহলিৰ অনুৰাগীৰ জন্মদিন পালন
সামাজিক মাধ্যমতো বিৰাট কোহলিলৈ শুভেচ্ছাৰ জোৱাৰ

কোহলিৰ জন্মদিন পালন কৰিছে সমগ্ৰ দেশবাসীয়ে। কি দিল্লী, কি মুম্বাই, কি চেন্নাই, কি কলকাতা সকলোতে বিৰাট অনুৰাগীৰ এটাই আশা চিৰসেউজী হওঁক ক্ৰিকেটৰ কিং।

ওপজা দিন উপলক্ষে ওড়িশাৰ সমুদ্ৰ তীৰত বিৰাট কোহলিৰ বলুকা ভাস্কৰ্য
শিল্পী সুদৰ্শন পাটনায়কে এনেদৰে শুভেচ্ছা জনালে কোহলিক

কিং কোহলিক ওপজা দিনৰ ওলগ যাচিলে পত্নী অনুষ্কা শৰ্মাই। ইনষ্টাগ্রামত অনুষ্কাই লিখিলে ‘বিৰাট নিজৰ জীৱনৰ প্ৰতিটো ভূমিকাতে খুব ব্যতিক্ৰমী! I LOVE YOU। ইপিনে, কোহলিৰ জন্মদিন উপলক্ষে কলকাতাৰ ইডেন গাৰ্ডেনছত ব্যাপক আয়োজন। প্ৰায় ৭০ হাজাৰ কোহলিৰ ফেছ মাস্ক বিতৰণ বংগ ক্ৰিকেট সংস্থাৰ। মুঠৰ ওপৰত কোহলিৰ জন্মদিন যেন এতিয়া উৎসৱলৈ পৰিণত হৈছে। NKTV PLUSৰ তৰফৰ পৰাও ক্ৰিকেটৰ মহাতাৰকাজনক ওপজা দিনৰ শুভেচ্ছা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...