কচুৰ আছে এইসমূহ উপকাৰিতা

অসমীয়া সমাজত কচুৰ জনপ্ৰিয়তা অধিক। প্ৰতিজন অসমীয়া লোকেই কচু খায়। কচু শাক বিভিন্ন ধৰণে খোৱা হয়। কিছুমানে ইয়াক জালুক দি, কিছুমানে ঔটেঙাৰ সৈতে আঞ্জা কৰি আৰু কিছুমানে ইয়াক পিটিকা কৰি খাই ভাল পায়। মুঠতে অসমীয়া সমাজত জনপ্ৰিয় খাদ্যবিলাকৰ ভিতৰত কচু অন্যতম। এই কচু শাকৰ আছে অনেক উপকাৰিতা। কচুত ভিটামিন A, আইৰণ, ভিটামিন B6, ফলেট আদি পোৱা যায়। যাৰ বাবে কচুৰ পৰা যথেষ্ট উপকাৰিতা লাভ কৰা যায়। জানো আহকচোন কচুৰ উপকাৰিতাসমূহনো কি কি।

কচুৰ উপকাৰিতা

১. কচুত প্ৰচুৰ পৰিমাণে ভিটামিন A থাকে। সেইবাবে কচু চকুৰ বাবে খুবেই উপকাৰী। কচু খালে দৃষ্টিশক্তিৰ দুৰ্বলতাৰ দৰে সমস্যাৰ পৰা হাত হাৰিব পাৰি।

২. কচুত প্ৰচুৰ পৰিমাণে আইৰণ, ভিটামিন B6 আৰু ফলেট থাকে। ৰক্তহীনতা ৰোগত কচু উপকাৰী।

৩. কচুত কেলচিয়াম পোৱা যায়। ই আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে।

৪. কচুত প্ৰচুৰ পৰিমানে ভিটামিন আৰু খনিজ লৱন পোৱা যায়। ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৫. কচু শাকে আমাৰ শৰীৰত অক্সিজেনৰ যোগান সক্ৰিয় ৰখাত অধিক কাৰ্যকৰী ভূমিকা পালন কৰে। এই শাকত থকা লো আৰু ফলেটে তেজৰ পৰিমাণ বৃদ্ধি কৰে। ফলস্বৰূপে, অক্সিজেনৰ সঞ্চালন পৰ্যাপ্ত হয়।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...