নেমু পানীৰ আছে এইসমূহ উপকাৰিতা

নেমু পানী যথেষ্ট সুস্বাদু। ই বহুতো পুষ্টিৰে সমৃদ্ধ। নেমুত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন-চি পোৱা যায়। ই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, আনহাতে নেমু হজমৰ বাবে অতি কাৰ্যকৰী বুলি গণ্য কৰা হয়। বহুলোকে দিনটো এই নেমু পানীয়ৰ সৈতে আৰম্ভ কৰে। যি বহুতো ৰোগৰ পৰা সুৰক্ষা দিয়ে। গতিকে আহকচোন নেমু পানী পান কৰাৰ উপকাৰিতা সমূহ জানো।

হজম শক্তি বৃদ্ধি কৰে : নেমুৰ ৰসত থকা ভিটামিন আৰু খনিজ পদাৰ্থই হজম শক্তি বৃদ্ধি কৰে। খালী পেটত কুহুমীয়া পানীৰ সৈতে নেমুৰ ৰস মিহলি কৰি খোৱা উচিত। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ওলাই যোৱাত সহায় কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে : নেমুত প্ৰচুৰ পৰিমানে ভিটামিন চি থাকে। যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। নেমু পানীয়ে আপোনাক চৰ্দিৰ দৰে সমস্যাৰ পৰা সকাহ দিব পাৰে।

ছালৰ বাবে উপকাৰী : নেমুত এণ্টিঅক্সিডেণ্ট পোৱা যায়। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। ই ছাল সম্পৰ্কীয় সমস্যা হ্ৰাস কৰে। যাৰ ফলত ছালখন উজ্জল হৈ পৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছেলফী উঠাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল কিশোৰ

পুনৰ ছেলফীৰ বাবেই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। ছেলফি...

একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ'ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব।...

ছাত্ৰ আন্দোলনৰ সন্মুখত নতি স্বীকাৰ

অৱশেষত ক’কৰোছৰ জয়। যন্তৰ মন্তৰসহ সমগ্ৰ দেশ জুৰি হোৱা...

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা। কপিলী নৈত গা...