ৰাইজ, ভোজভাতৰ আয়োজন কৰক…

দুদিন ধৰি বানৰ কৱলত গুৱাহাটীৰ জনতা। বাহিৰলৈ ওলাব নোৱাৰা পৰিৱেশ। হাহাকাৰ মহানগৰীৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ। তাৰ মাজতেই প্ৰতিক্ৰিয়া নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলৰ। গুৱাহাটীৰ বান পূৰ্বতকৈ বহুত কমিছে।

ৰাইজ, ভোজভাতৰ আয়োজন কৰক
গুৱাহাটীত হেনো বান বহুত কমিল


মন্ত্ৰী অশোক সিংহল। নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী। এওঁৰ ভাষণ শুনি আপোনাৰ এনেকুৱা লাগিব যেন গুৱাহাটীৰ এতিয়া কোনো সমস্যা নাই। সকলোৱে একেলগে ফুৰিবলৈ যাব পাৰি। কিন্তু কথাৰ ফুলজাৰি মৰা মন্ত্ৰীৰ উফাই দাঙ মৰা কথাৰ বিপৰীত ছবি গুৱাহাটীত। বাহিৰলৈ ওলাব নোৱাৰা পৰিৱেশ। কিছুদিন পূৰ্বে হেলিকপ্তাৰত উঠি এওঁ পৰিদৰ্শন কৰিছিল গুৱাহাটীৰ নলা। সেয়া হেনো আছিল গুৱাহাটীৰ বান ৰোধৰ বাবে লোৱা পদক্ষেপ। আকাশমাৰ্গৰ পৰা নলা চাই বান ৰোধৰ বাবে লোৱা সেয়া ঐতিহাসিক পদক্ষেপ আছিল অশোক সিংহলৰ।
ফলাফল শূন্য
৮ ঘন্টা, ১০ ঘন্টাও বোলে পানী নাই। ইপিনে, মহানগৰবাসী ২৪ ঘন্টা পৰ্যন্ত জলবন্দী।

বৈজ্ঞানীক উদ্ভাৱন সিংহলৰ। পানী ওলাই যোৱাৰ বাটটো উলিয়াই দিব নোৱাৰিলে পানী ওলাই নাযায়। সেই কামটো কৰাৰ দায়িত্বই যে তেওঁৰ বিভাগ, চৰকাৰৰ দায়িত্ব, সেইটো সিংহলক কোনে বুজায়। তাৰ পাছতেই বটলৰ উদাহৰণ। বুজিলেনে? জাৱৰ-জোথৰ নলা-নৰ্দমাত নেপেলাব।
বানৰ বাবে গুৱাহাটীবাসীকেই জগৰীয়া কৰিলে সিংহলে
তাৰ পাছতেই সিংহলৰ পৰিকল্পনাৰ কথা।

সমাধান সাজু। গুৱাহাটীত হোৱা বানৰ পানী প্ৰথমে শিলসাঁকোলৈ নিয়া হ’ব। তাৰ পাছত বোন্দাহৈ ব্ৰহ্মপুত্ৰত পেলাই দিব। তেনেই সহজ। বিয়লি ভাগলৈ ভৰলু আৰু বোন্দাজানৰ শ্লুইচ গেট আৰু পাম্প পৰিদৰ্শন অশোক সিংহলৰ। সিংহলে পুনৰ ক’লে। একো নাই, পানী কমি যাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...