মছন্দৰীৰ উপকাৰিতাসমূহৰ বিষয়ে জানো আহক

সহজতে পোৱা বনশাকবিলাকৰ ভিতৰত মছন্দৰী শাক অন্যতম। মছন্দৰী পাতৰ গোন্ধটো কেঁচা মাছৰ দৰে হয়। ইয়াক ইংৰাজীত FISH MINT বুলি কোৱা হয়। বহুতে মছন্দৰীৰ গোন্ধটোৰ বাবেই শাকবিধ খাবলৈ বেয়া পায়। কিন্তু এই মছন্দৰীৰো আছে বহু উপকাৰিতা। এই মছন্দৰীত প্ৰচুৰ পৰিমালনে ভিটামিন এ কেৰোটিন আৰু কেলচিয়াম পোৱা যায়।

মছন্দৰীৰ উপকাৰিতাসমূহ

১)গ্ৰহণী, পেটচলা, পেট খামোচা মৰা ৰোগত ইয়াৰ পাত সিজাই খালে উপকাৰ হয়।
২)ইয়াক নিয়মীয়াকৈ খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়।
৩) কেঁচা মছন্দৰী খালে ৰক্ত শৰ্কৰা স্তৰ (Blood sugar level) হ্ৰাস কৰাত সহায় হয়।
৪) স্বাস্থ্যকৰ কলেষ্টৰেলৰ স্তৰ উন্নত কৰাতো মছন্দৰীয়ে সহায় কৰে।
৫) মছন্দৰীৰ ব্যৱহাৰে শৰীৰৰ ওজন হ্ৰাস কৰাতো সহায় কৰে।
৬) আঘাতপ্ৰাপ্ত ছালৰ বিভিন্ন সমস্যা নিৰাময় কৰাতো ই সহায় কৰে।
৭) মছন্দৰীৰ পাতে ৰক্তকণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আটিল কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...