BTRৰ পথ আন্তঃগাঁথনি উন্নয়নৰ বাবে অতিশীঘ্ৰে ৫০০ কোটি টকাৰ অনুমোদন জনোৱা হ’ব : মুখ্যমন্ত্রী

বি টি আৰত অব্যাহত থকা ধাৰাবাহিক উন্নয়নৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সা জিলাৰ মুছলপুৰৰ বাথৌফুৰীত জিলা ক্রীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে ৪০ বিঘা ভূমি সামৰি অত্যাধুনিক এই প্রকল্পটি নির্মাণত ব্যয় হ’ব প্ৰায় ৪৩ কোটি টকা। এই প্ৰকল্পত ফুটবল খেলপথাৰ আৰু এথলেটিক ট্রেক, বেডমিণ্টন, টেবুল টেনিছ, ভলীবল, টাইকোৱাণ্ডো ইত্যাদি খেলৰ সুবিধাৰে বহুমুখী ইণ্ডোৰ ষ্টেডিয়াম আদিৰ ব্যৱস্থা থাকিব। তদুপৰি, অলিম্পিকৰ আকাৰৰ চুইমিং পুলো থাকিব।

এই উপলক্ষে মুছলপুৰত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে যে ষ্টেডিয়াম চৌহদটো নিৰ্মাণ হৈ উঠিলে অঞ্চলটোত বিগত কিছু বছৰ ধৰি অব্যাহত থকা বিকাশ আৰু শান্তিৰ পৰিৱেশত এক নতুন মাত্রা সংযোজন কৰিব। তেওঁ কয় যে বি টি আৰৰ জনসাধাৰণৰ আশা- আকাংক্ষা ৰূপায়ণৰ বাবে ক্রীড়া প্ৰকল্পৰ লেখীয়া বহু উন্নয়নমূলক কাম-কাজৰ পদক্ষেপ লোৱা হৈছে।

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে ২৫ কোটি টকা ব্যয় সাপেক্ষে বাক্সা জিলাৰ আয়ুক্ত কাৰ্যালয় আৰু ৫ কোটি টকা ব্যয় সাপেক্ষে নতুন আৱৰ্ত্ত ভৱন নিৰ্মাণ কৰা হ’ব। বি টি আৰ এলেকাৰ পথ আন্তগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে অতি সোনকালে ৫০০ কোটি টকা অনুমোদন জনোৱা হ’ব বুলিও তেওঁ কয়। অসম আৰক্ষীত ৫৬০০ টা পদৰ বাবে সোনকালে বিজ্ঞাপন দিয়া হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বি টি আৰৰ যুৱ প্ৰজন্মক এই সুযোগৰ সুবিধা গ্রহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে উদ্যোগীকৰণৰ পথত ভৰি দিব খোজা সকললৈ ৰাজ্য চৰকাৰে যি আর্থিক সহযোগিতা আগবঢ়াইছে সেই সুযোগ গ্ৰহণ কৰিবলৈ নিৱনুৱা যুৱক-যুৱতীসকলকো আহ্বান জনায়। তেওঁ কয় যে মাইক্ৰ’ ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাসকলক ঋণ ৰেহাই দিয়াৰ ফলত সকাহ লাভ কৰিছে বুলি উল্লেখ কৰি যিসকলে এতিয়াও ৰেচন কাৰ্ড লাভ কৰা নাই তেওঁলোকক ৰেচন কাৰ্ড প্ৰদানৰ বাবে পদক্ষেপ লোৱা হ’ব বুলিও তেওঁ কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...