“বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ছুপাৰ-৫০ মিছন” পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে তেওঁ দুদিনীয়া কোকৰাঝাৰ জিলা ভ্ৰমণৰ দ্বিতীয় দিনা আজি পুৱা কোকৰাঝাৰৰ ডিমলগাঁওস্থিত জিলা পুথিভৰাল চৌহদত উপস্থিত হৈ তাত বিটিআৰ প্ৰশাসনে গ্ৰহণ কৰা এক অভিনৱ ধ্বজাবাহী কাৰ্যসূচী “মিচন চুপাৰ ৫০” পৰিদৰ্শন কৰে‌। মন্ত্ৰীগৰাকীয়ে তাত পাঠদান গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে আৰু একেলগে পুৱাৰ আহাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰমোদ বড়ো নেতৃত্বাধীন বি টি আৰ প্ৰশাসনে অঞ্চলটোৰ শৈক্ষিক দিশৰ উন্নয়নৰ লগতে অঞ্চলটোৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে যাতে মেডিকেল, ইঞ্জিনীয়াৰিং আৰু ৰাজ্যিক তথা কেন্দ্ৰীয় অসামৰিক সেৱাৰ পৰীক্ষাত উন্নত প্ৰদৰ্শন কৰিব পাৰে তাৰ উদ্দেশ্যে কেইবাটোও গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অধীনত জিলা পুথিভৰাল চৌহদত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ছুপাৰ-৫০ মিছন – ইঞ্জিনীয়াৰিং নামৰ এটা আৱাসিক পাঠদান মিছন চলাই আছে। এই মিছনৰ অধীনত বিগত বৰ্ষত মুঠ ৩২গৰাকী ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছিল। উল্লেখযোগ্য যে তাৰে ৩১ গৰাকীয়েই ইঞ্জিনীয়াৰিং পাঠ্যক্ৰম অধ্যয়নৰ বাবে নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে। তেওঁলোকৰ ২৭ গৰাকীয়ে JEE Mains আৰু ১২ গৰাকীয়ে JEE Advance পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ ৫ গৰাকীয়ে আই আই টি, ৪ গৰাকীয়ে এন আই টি আৰু বাকীসকলে তেজপুৰ বিশ্ববিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আদি অভিযান্ত্ৰিক প্ৰতিষ্ঠানত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিছে। এই বৰ্ষত এই মিছনত সম্পূৰ্ণ ৫০ গৰাকী মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে পাঠ গ্ৰহণ কৰি আছে। উল্লেখযোগ্য যে বি টি আৰ চৰকাৰে এই পাঠ্যক্ৰমৰ কাৰণে নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলক পাঠদানৰ লগতে থকা-খোৱা আদি সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদানৰ ব্যবস্থা কৰিছে আৰু পাঠদানৰ বাবেও পাৰদৰ্শী শিক্ষকক নিয়োগ কৰা হৈছে। আনহাতে বি টি আৰ প্ৰশাসনে কেন্দ্ৰীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ কাৰণে বিটিআৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক উপযুক্ত কৰি তোলাৰ উদ্দেশ্যে নতুন দিল্লীত UPSC চুপাৰ ৫০ নামৰ এটা গোটো সমান্তৰালভাৱে চলাই আছে। এই পাঠ্যক্ৰমত প্ৰশিক্ষণ লাভ কৰা ৩৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে চলিত বৰ্ষৰ অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। ইয়াৰোপৰি বিটিআৰ প্ৰশাসনে মেডিকেল এন্ট্ৰেন্স আৰু ৰজ্যিক অসামৰিক সেৱাৰ পৰীক্ষাৰ কাৰণেও ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰি তুলিব পৰাকৈ “বড়োলেণ্ড ছুপাৰ-৫০” আৱাসিক পাঠদান আৰম্ভ কৰাৰ লগতে অন্যান্য বিভিন্ন পাঠ্যক্ৰমৰো প্ৰস্তুতি চলাই আছে। মন্ত্ৰী সিংহলে আজি ছুপাৰ-৫০ মিছনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ সৈতে অন্তৰংগ আলাপত মিলিত হৈ তেওঁলোকক অনুপ্ৰাণিত কৰে। তেওঁ বিটিআৰৰ প্ৰশাসনে হাতত লোৱা এই অভিনৱ কাৰ্যসূচীৰ শলাগ লয় প্ৰমোদ বড়োৰ নেতৃত্বত এইদৰেই বড়োভূমিত এক পৰিৱৰ্তনৰ বাতাৱৰণ সৃষ্টি হৈছে বুলি মন্তব্য কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...