গুৱাহাটী : কণ কণ শিশুৱে গান্ধীজীৰ বেশ-ভূষাৰে উলিয়ালে শোভাযাত্ৰা

গান্ধী জয়ন্তীত কেয়াৰ ইউ ৩৬৫ৰ “স্কুল ৱাপছি” অভিযানৰ কণ কণ শিশুৱে গান্ধীজীৰ বেশভূষাৰে উলিয়ালে শোভাযাত্ৰা

জাতিৰ পিতা মহাত্মা গান্ধীৰ জয়ন্তীত শ্ৰদ্ধা নিবেদন কৰি এক বৰ্ণিল শোভাযাত্ৰাত অংশ ল’লে বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ “স্কুল ৱাপচি” কাৰ্যসূচীৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে। সংস্থাৰ উদ্যোগত আজি পুৱাৰ ভাগতে কণ কণ শিশুসকলে প্ৰথমে গান্ধীজীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰাৰ লগতে এটি আকৰ্ষণীয় শোভাযাত্ৰা উলিয়ায়। এই শোভাযাত্ৰাত সংস্থাৰ সদস্যসকলৰ লগতে অভিভাৱকসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। কণ-কণ শিশুসকলে হাতে-হাতে গান্ধীজীৰ বাণীসম্বলিত বেনাৰ, প্লেকাৰ্ড লৈ নিজকে গান্ধীজীৰ দৰে উপস্থাপন কৰি শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। নতুন প্ৰজন্মৰ মাজত মহামানৱ মহাত্মা গান্ধীৰ জ্ঞান, আদৰ্শ আৰু কৰ্মৰাজিৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই কাৰ্যসূচী হাতত লোৱা হয়। শিশুসকলে গুৱাহাটী মহানগৰীৰ আমগাঁৱৰ পৰা নাৰেংগীলৈকে সমগ্ৰ এলেকাত পদব্ৰজে শোভাযাত্ৰা কৰে। উল্লেখযোগ্য যে, গান্ধীজীৰ স্বচ্ছতাৰ বাণীৰে কালি এই শিশুসকলে “স্বচ্ছতাই সেৱা” অভিযানৰ অংশৰূপে “এক তাৰিখ এক ঘণ্টা এক সাথ” কাৰ্যসূচী ৰূপায়ণ কৰে। শিশুসকলে স্বচ্ছতাৰ বাবে “কৰিম অথবা মৰিম” বাণীৰে হাতে-হাতে ঝাড়ু লৈ হাতমোজা পিন্ধি চাফাই অভিযান চলায়। উল্লেখযোগ্য যে, বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫য়ে সমাজৰ সকলো শ্ৰেণীৰ লোক বিশেষকৈ বিশেষভাৱে সক্ষম লোকসকলৰ কল্যাণৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীসকলক পুনৰ বিদ্যালয়লৈ ওভতাই অনাৰ বাবে সংস্থাৰ উদ্যোগত “স্কুল ৱাপছি” কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...