বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠানত হ’ব তাৰকাৰ সমাহাৰ

বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠানত হ’ব তাৰকাৰ সমাহাৰ

৪ অক্টোবৰত আহমেদাবাদত বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান

অৰিজিত সিঙৰ পৰা ৰণবীৰ সিঙলৈ…

মহাতাৰকাৰ সমাহাৰেৰে আৰম্ভ হব ক্ৰিকেট মহাৰণ

VO: ১৯৭৫ চন। সেই বছৰটো ক্ৰিকেটৰ ইতিহাসত আছিল এক স্বৰ্ণিল অধ্যায়। সেই বছৰৰ পৰাই প্ৰতি ৪ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ আহিছে ICC এদিনীয়া ক্ৰিকেট বিশ্বকাপ। এই বছৰ ক্ৰিকেট বলিয়া দেশ ভাৰতত অনুষ্ঠিত হ’ব বিশ্বকাপ। এই বিশ্বকাপৰ মহাৰণৰ পূৰ্বে ৪ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত এক বিশাল আৰু বৰ্ণিল উদ্বোধনী অনুষ্ঠান আয়োজন কৰিব ICC-এ।

৪ অক্টোবৰত অধিনায়ক দিৱস হিচাপে পালন কৰিব ICC-

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ১০ দেশৰ ১০টা দলৰ অধিনায়ক

VO: আনহাতে, ৪ অক্টোবৰৰ সন্ধিয়া ঠিক ৭ বজাৰ পৰা আৰম্ভ হ’ব ICC বিশ্বকাপৰ গ্ৰেণ্ড উদ্বোধনী অনুষ্ঠান। কোন কোন তাৰকাই উদ্বোধনী অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিব? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি উদ্বোধনী অনুষ্ঠানত অংশ ল’ব

বলীউড তাৰকা ৰণবীৰ সিং আৰু তামান্না ভাটিয়া

জনপ্ৰিয় শিল্পী অৰিজিত সিং, শ্ৰেয়া ঘোষাল আৰু শংকৰ মহাদেৱন

VO: তদুপৰি, উদ্বোধনী অনুষ্ঠানত ভাৰতীয় ঐতিহ্য প্ৰদৰ্শন কৰা হ’ব। লগতে থাকিব লেজাৰ শ্ব’ আৰু আতচবাজী। মন কৰিব লগীয়া যে, ৫ অক্টোবৰত ইংলেণ্ড বনাম নিউজিলেণ্ডৰ খেলৰ বাবে টিকট ক্ৰয় কৰা ক্ৰিকেট অনুৰাগীসকলে উদ্বোধনী অনুষ্ঠান উপভোগ কৰিব পাৰিব। ইপিনে, বিশ্বকাপৰ প্ৰথম তিনিখন গুৰুত্বপূৰ্ণ মেচৰ বাবে সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল। ৮ অক্টোবৰত চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নিজৰ অভিযান আৰম্ভ কৰিব টীম ইণ্ডিয়াই। দ্বিতীয়খন মেচত দিল্লীত আফগানিস্তানৰ বিৰুদ্ধে খেলিব ভাৰতে। তৃতীয়খন মেচত আহমেদাবাদত চিৰ-বৈৰী পাকিস্তানৰ বিৰুদ্ধে মুখামুখি হ’ব ৰোহিত বাহিনীয়ে। ইতিমধ্যে সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে ক্ৰিকেট জ্বৰ। কোনে জিনিব এইবাৰৰ বিশ্বকাপ, আৰম্ভ হৈছে হিচাপ-নিকাচ আৰু জল্পনা-কল্পনাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...