দ্বিতীয়বাৰ বিবাহ পাশত আৱদ্ধ হ’ল পাকিস্তানী অভিনেত্ৰী মাহিৰা খান

মাহিৰা খান পাকিস্তানী টিভি আৰু চলচ্চিত্ৰ উদ্যোগৰ এক সুপৰিচিত নাম। তেওঁ শ্বাহৰুখ খানৰ ছবি ‘ৰইছ’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ প্ৰথম বিবাহ ২০১৫ চনত ভাঙি গৈছিল। এতিয়া অভিনেত্ৰীগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছে। তেওঁলোকৰ বিবাহৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

শ্বাহৰুখ খানৰ ছবি ‘ৰইছ’ৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰা মাহিৰা খানে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছে। তেখেত এইবাৰ ব্যৱসায়ী চেলিম কৰিমৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। এক প্ৰতিবেদন অনুসৰি, অভিনেত্ৰীগৰাকীয়ে পাকিস্তানৰ পঞ্জাৱৰ এখন পাহাৰীয়া স্থানত বিবাহ পাশত আৱদ্ধ হয়। তেওঁৰ বিবাহৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

মাহিৰাৰ প্ৰথম স্বামী কোন?

২০০৭ চনত মাহিৰা খানে তেওঁৰ শৈশৱৰ বন্ধু আলী আস্কাৰীৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। অৱশ্যে, তেওঁলোক ২০১৫চনত পৃথক হৈছিল। একে সময়তে, প্ৰথম বিবাহ বিচ্ছেদৰ প্ৰায় ৮বছৰ পিছত, অভিনেত্ৰীগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ ইতিহাসৰ ৭টা ভয়ংকৰ পথ দুৰ্ঘটনা

অসমৰ ইতিহাসত কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনাই গভীৰ শোকৰ ছাঁ...

কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহতৰ সংখ্যা ২৩জনলৈ বৃদ্ধি

কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ...

কৰ্কট ৰোগৰ ঔষধৰ দামত বৃহৎ সকাহ! ১,৩৬৪বিধ ঔষধৰ দাম হ্ৰাস, দাম কমিল সৰ্বাধিক ৯৬.৪৫ শতাংশলৈ

কৰ্কট ৰোগত আক্ৰান্ত ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এক...