দুই বন্ধু হঠাৎ হৈ পৰিল শত্ৰু…

দুই বন্ধু হঠাৎ পৰিণত হ’ল শত্ৰুত। নিশা গাড়ী অভাৰটেক কৰাক লৈ দুই বন্ধুৰ মাৰপিট। দুয়ো ইজনে সিজনৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। তাৰ পাছতেই পৃথকে পৃথকে দুয়োৰে সংবাদমেল। এজনে আনজনলৈ ঠেলিলে দোষ। জোনাইত এটা ৰহস্যজনক ঘটনা।

একেলগে ভাত খুৱা দুই বন্ধু
হঠাৎ এজন আনজনৰ শত্ৰু

কোনে আচলতে কাক আক্ৰমণ কৰিছিল। দোষ কাৰ। দুই বন্ধু। শিৱ সোণোৱাল আৰু তুষাৰ ঙাটে। ২৮ ছেপ্তেম্বৰলৈ দুয়ো আছিল বিশ্বাসী বন্ধু। কিন্তু যোৱা বৃহস্পতিবাৰে নিশা ঘটিল এটা ঘটনা। যুৱ ব্যৱসায়ী শিৱ সোণোৱালে সংবাদমেলত সদৰি কৰামতে, ২৮ চেপ্তেম্বৰৰ নিশা পত্নী-পুত্ৰৰ সৈতে অৰুণাচল প্ৰদেশৰ অয়ানস্থিত নিজা ব্যৱসায়স্থলীৰ পৰা প্ৰায় ১০ বজাত ঘৰলৈ আহি আছিল। সেইসময়তে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ব’লেৰ বাহনে অভাৰটেক কৰে তেওঁৰ গাড়ীখনক। শিৱ সোণোৱালে ভাৱিছিল কোনোবা চিনাকি বন্ধুৱে ধেমালি কৰিছে৷ কিন্তু বাহনখনে পুনৰ আগচি ধৰাত শিৱ সোণোৱালে গাড়ীৰ পৰা নামি বাট আগচি ধৰাৰ কাৰণ জানিবলৈ বিচাৰোঁতেই বলেৰখনৰ চালকৰ সতে লিপ্ত হয় তীব্ৰ বাক-বিতণ্ডাত। তেনে সময়তে বলেৰ বাহনখনত অহা তুষাৰ ঙাটেয়ে শিৱ সোণোৱালক প্ৰথমে ঘুচিয়াই আক্ৰমণ কৰাৰ পাছতে লোৰ অস্ত্ৰৰে মূৰত আঘাত কৰে।

তুষাৰে প্ৰাণে মৰাৰ চেষ্টা চলোৱা বুলি শিৱ সোণোৱালৰ অভিযোগ। আক্ৰমণৰ ফলত শিৱ সোণোৱালৰ মূৰত নটা চিলাই পৰাৰ লগতে মুখ-বুকু আদিত আঘাত পালে৷ পিছদিনা শিৱ সোণোৱালে ঘটনা সন্দৰ্ভত জোনাই আৰক্ষী থানাত বন্ধু তুষাৰ ঙাটেৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ। একেসময়তে পৃথকে সংবাদমেল তুষাৰ ঙাটেৰ। তুষাৰ টি এম পি কেৰ সহকাৰী সম্পাদক। তুষাৰ ঙাটেয়ে জোনাই ঙাচাৰচুক উকোমত সংবাদমেল সম্বোধন কৰি অভিযোগ কৰিলে ২৮ চেপ্টেম্বৰৰ নিশা তেওঁ ৰুকচিনৰ পৰা ঘৰলৈ আহি আছিল। সেই সময়ত শিৱ সোণোৱালে গাড়ী অভাৰটেক কৰি আক্ৰমণ কৰে তেওঁৰ ওপৰত। তদুপৰি পূৰ্বেও শিৱ সোণোৱালে তুষাৰ ঙাটেক আক্ৰমণ কৰাৰ লগতে বিভিন্ন সময়ত প্ৰাণেমৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিলে।

ঘটনা সন্দৰ্ভত তুষাৰ ঙাটেও জোনাই থানাত এজাহাৰ দাখিল কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি জোনাইত প্ৰতিক্ৰিয়া। আচলতে সেইনিশা কোনে কাৰ গাড়ী অভাৰটেক কৰিছিল। কোনে কাক আক্ৰমণ কৰিছিল। আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ৰহস্য। কি কাৰণে এই সংঘাত। তাক লৈও উঠিছে প্ৰশ্ন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...