গুৱাহাটীৰ পৰা ভূটানৰ গেলেফুলৈ এছিয়ান কাৰ ৰেলী

গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি এছিয়ান কাৰ ৰেলী ভূটানৰ গেলেফুত গৈ উপস্থিত হৈছে। BIBN Friendship Car Rally বুলি নামাকৰণ এইবাৰৰ এছিয়ান কাৰ ৰেলীৰ। জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই পুৱা নেহৰু ষ্টেডিয়ামত ৰেলীৰ ফ্লেগ অফ কৰে।

Connecting Neighbours এই বাণীৰে নৰ্থ ইষ্ট ফেডাৰেচন অন ইন্টাৰনছনেল ট্ৰেড চমুকৈ NEFIT শীৰ্ষক সংগঠনে চতুৰ্থ বাৰলৈ আয়োজন কৰিছে এছিয়ান Car Rally। ভাৰতৰ লগতে ভূটান, নেপাল, বাংলাদেশ সামৰি আয়োজন কৰা এই ৰেলীৰ নাম দিয়া হৈছে BIBN Friendship Car Rally, পূৰ্বে NEFIT এ ম্যানমাৰ, থাইলেণ্ড, লাওচ সামৰি ৩টাকৈ আন্তৰ্জাতিক ৰেলীৰ আয়োজন কৰিছিল।

এই ৰেলীৰ নেতৃত্বত আছে গুৱাহাটী IITৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অনুপ গগৈ আৰু NEFITৰ সাধাৰণ সম্পাদক মৃণাল হাটখোৱাই। কাৰ ৰেলীৰ ফ্লেগ অফ কৰাৰ পূৰ্বে মন্ত্ৰী পিযুষ হাজৰিকাই উত্তৰ পূবৰ উদ্যোগীসকলক বিদেশত এখন বজাৰ দিয়াৰ লগতে চুবুৰীয়া দেশসমূহৰ সৈতে এক বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলাৰ বাবে NEFITএ লোৱা প্ৰচেষ্টাৰ শলাগ লয়।

সভাত গুৱাহাটীৰ সাংসদ কুইন ওজাৰ বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে। বিশিষ্ট অতিথিৰূপে উপস্থিত আছিল বিধায়ক দিগন্ত কলিতা, জনপ্ৰিয় অভিনেতা যতীন বৰা। কাৰ ৰেলীৰ অভিযাত্ৰীসকলক বঙাইগাঁও শোধনাগাৰত BRPLৰ উষ্ম আদৰণি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...