সম্পৰ্ক তিক্ত হোৱাৰ পূৰ্বে ভাৰত আছিল কানাডাৰ পৰম মিত্র দেশ

সম্পৰ্ক তিক্ত হোৱাৰ পূৰ্বে ভাৰত আছিল কানাডাৰ পৰম মিত্র দেশ

শিক্ষা-সংস্কৃতি-বাণিজ্য সকলোতে ভাৰত-কানাডাৰ সম্পৰ্ক মধুৰ

কানাডাত আছে বৃহৎসংখ্যক ভাৰতীয় লোক

৩ কোটি ৭০ লাখ জনসংখ্যাৰ দেশখনত আছে প্ৰায় ১৪ লাখ ভাৰতীয়

কানাডাৰ মুঠ জনসংখ্যাৰ ৩.৭ শতাংশ হৈছে প্রবাসী ভাৰতীয়                     

ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্কৰ এনাজৰীডাল আছিল যথেষ্ট কটকটীয়া। উত্তৰ আমেৰিকাৰ দেশ কানাডা আৰু এছীয় দেশ ভাৰতৰ মাজত ভৌগলিক দূৰত্ব প্ৰায় ১১ হাজাৰ ৪৬২ কিলোমিটাৰ। কানাডালৈ চাকৰি বা উচ্চ শিক্ষা সূত্রে যথেষ্টসংখ্যক ভাৰতীয় লোকৰ প্রব্ৰজন হৈছে। কানাডাত প্রবাসী ভাৰতীয়ৰ প্ৰায় অৰ্ধেকসংখ্যক হৈছে শিখ সম্প্রদায়ৰ।

কানাডাত শিখধৰ্মীয় লোকৰ সংখ্যা হৈছে প্রায় ৭ লাখ ৭০ হাজাৰ

কানাডাৰ মুঠ জনসংখ্যাৰ ২ শতাংশ হৈছে শিখধৰ্মী

ভাৰতত মুঠ জনসংখ্যাত শিখ লোকৰ অনুপাত কানাডাতকৈ কম

কানাডাত শিখৰ অনুপাত হৈছে ১.৫ শতাংশ

কানাডাৰ হাউছ অব কমনছত আছে ১৮গৰাকী শিখ সাংসদ

কানাডাৰ ৰাজনীতিত শিখসকল যথেষ্ট সক্ৰিয় হৈ আহিছে। সেয়ে শিখধৰ্মীয় লোকক প্রৰোচিত কৰিবলৈ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্রুড’ৰ দল বা আন দলসমূহে নিবিচাৰে। বাণিজ্যিক ক্ষেত্রতো ভাৰত আৰু কানাডাৰ সম্পৰ্ক সুদৃঢ়। কানাডাৰ পৰা ভাৰতলৈ আহে কয়লা, কোক, সাৰ আদি শক্তি উপাদান। ভাৰতৰ পৰা যায় খাদ্য-সামগ্রী, যান-বাহন, বিদ্যুতিক সা-সৰঞ্জাম পোছাক আদি।  

’২২ত ভাৰত-কানাডাৰ মাজত ৯০০ কোটি ডলাৰৰ বাণিজ্যিক আদান প্রদান

ভাৰতত বিদেশী বিনিয়োগকাৰীৰ তালিকাত কানাডা আছে ১৭নং স্থানত

২০০০ৰ পাছত ভাৰতত কানাডাৰ বিনিয়োগৰ পৰিমাণ প্রায় ৩৬০ কোটি ডলাৰ

কানাডাত বিদেশী শিক্ষাৰ্থীৰ ভিতৰত ভাৰতীয় সংখ্যা সৰ্বাধিক

কানাডাত সম্প্ৰতি উচ্চ শিক্ষা লাভত ব্যস্ত ৩ লাখ ২০ হাজাৰ শিক্ষাৰ্থী

কানাডাৰ সৈতে ভাৰতৰ এই নিবিড় সম্পৰ্কত হঠাৎ যতি পৰিছে। শেহতীয়াকৈ কানাডালৈ শিখ প্রব্ৰজনকাৰীৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে। কানাডাত তাৰ লগে লগে খালিস্তানপন্থী শিখসকলৰ সক্ৰিয়তাও বৃদ্ধি পাইছে। কেইবাটাও ভাৰতৰ পৰা বিচ্ছিন্নতাবাদী সংগঠনে কানাডাত সুদৃঢ় ঘাটি পাতিছে। যোৱা ১২ জুনত খালিস্তান টাইগাৰ ফ’ৰ্চৰ প্ৰধান হৰদ্বীপ সিং নিজ্জৰক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। শিখ উগ্রপন্থীসকলে দাবী কৰাৰ দৰেই কানাডা চৰকাৰেও এই হত্যাৰ আঁৰত ভাৰত জড়িত বুলি মতপ্রকাশ কৰিছে। কানাডাৰ প্রধানমন্ত্ৰীৰ মতে এই হত্যাত ভাৰতীয় এজেণ্ট জড়িত থকাৰ বিশ্বাসযোগ্য প্রমাণ তেওঁৰ হাতত আছে। ইয়াৰ পাছতে কানাডাই বহিষ্কাৰ কৰে এজন ভাৰতীয় কূটনীতিকক।

প্রত্যুত্তৰত ভাৰতেও বহিষ্কাৰ কৰে কানাডাৰ এজন কূটনীতিবিদক। ২০২০ চনৰ কৃষক আন্দোলনৰ সময়ৰ পৰাই ভাৰত–কানাডাৰ সম্পৰ্ক কিছু তিক্ত হৈছিল। সেই সময়ত কৃষি আইনৰ বিৰুদ্ধে কৃষক আন্দোলনক সমৰ্থন দি বক্তব্য ৰাখিছিল কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্রুড’ৱে। ইতিমধ্যে কানাডাত আশ্রয় লৈ থকা ৪৩গৰাকী বিচ্ছিন্নতাবাদী নেতাৰ তথ্য দি ভাৰত চৰকাৰে পত্র প্রেৰণ কৰিছে। এই পৰিপ্ৰেক্ষিতত দুই দেশৰ সম্পৰ্ক ভৱিষ্যতে কি পৰ্যায়লৈ যায়গৈ সেয়া হ’ব লক্ষ্যণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...