শুভ সংবাদ : বিশ্বনাথত বিজয়োল্লাস

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এটা বিশেষ টুইট। লগে লগে আনন্দৰ জোৱাৰ বিশ্বনাথত। বাণৰজাৰ স্মৃতিবিজড়িত এই ঘাটৰ আছে অলেখ কাহিনী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা খবৰে হাঁহিৰ ফুল ফুলাইছে বিশ্বনাথবাসীৰ মনত। কি খবৰ দিলে মুখ্যমন্ত্ৰী শৰ্মাই?

শুভ সংবাদ
বিশ্বনাথত বিজয়োল্লাস
ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এটা বিশেষ টুইট
লগে লগে আনন্দৰ জোৱাৰ বিশ্বনাথত
এই আনন্দ নতুন জিলা গঠনক লৈ নহয়
কাৰণ অন্য এটিহে…

কুৰিৰো অধিক মন্দিৰৰে সমৃদ্ধ গুপ্তকাশী বিশ্বনাথ ঘাট। নৈসৰ্গিক পৰিৱেশৰো সুকীয়া আকৰ্ষণৰ কেন্দ্ৰ এই ঘাট। সুবিশাল ব্ৰহ্মপুত্ৰৰ জলৰাশি-বিধৌত অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্যই সকলো লোককে এই স্থানলৈ আকৰ্ষণ কৰে। এই বিশ্বনাথ ঘাটলৈ আগবঢ়োৱা হৈছে ২০২৩ চনৰ ভাৰত বৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ পৰ্যটন গাঁও সন্মান। বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাই এই সুখবৰ। লগে লগে উল্লাসৰ ঢল বিশ্বনাথত। বাৰ্তাবাহক মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে স্থানীয় জনতাই।

দেশৰ ৩১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অহা ৭৯১ খন আবেদনৰ ভিতৰত দেশৰ অন্যতম শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে বিশ্বনাথ ঘাট নিৰ্বাচিত হোৱাৰ পিছতে সমগ্ৰ অসমৰ লগতে বিশ্বনাথবাসীক উৎফুল্লিত কৰি তুলিছে। এক সুন্দৰ গ্ৰাম্য পৰ্যটনৰ স্থান বিশ্বনাথ ঘাটক আজি পৰ্যটন মন্ত্ৰালয়ে উপযুক্ত মৰ্যাদা প্ৰদান কৰাত ধন্যবাদ জনাইছে গাঁওখনৰ ৰাইজে।

বাণৰজাৰ স্মৃতিবিজড়িত এই ঘাটৰ আছে অলেখ কাহিনী। আহোম যুগৰ সাক্ষী বহন কৰি আহোম ৰজা সকলৰ বহু কীৰ্তি চিহ্ন আজিও সজীৱ হৈ আছে গুপ্তকাশী বিশ্বনাথ ঘাটত। বৃটিছ শাসন কালতো এই গুপ্তকাশী বিশ্বনাথ ঘাটতে স্থাপন কৰা হৈছিল জাহাজ ঘাট। আনন্দ উল্লাসৰ মাজতে সংবাদ মাধ্যমকো ধন্যবাদ জনাইছে গঞাই।

বিশ্বনাথ ঘাটৰ বাছনিয়ে অসমত গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তাক পুনৰ প্ৰতীয়মান কৰিছে। সকলোৰে আশা, পৰ্যটন মন্ত্ৰালয়ৰ এই মৰ্যাদাৰ পাছত নিকট ভৱিষ্যতত এই স্থান সংৰক্ষণ হোৱাৰ লগতে গ্ৰাম্য পৰ্যটনৰ হ’ব মজবুত বুনিয়াদ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...