এছিয়ান গেমছত নিষিদ্ধ অৰুণাচলী এথলীট

অৰুণাচল প্ৰদেশ ভাৰতৰ নহয়। এই দাবীৰে তিনিগৰাকী অৰুণাচলী খেলুৱৈক ভিছা প্ৰদান নকৰি দেশখনত প্ৰৱেশত বাধা দিলে চীন চৰকাৰে। শনিবাৰে আনুষ্ঠানিক উদ্বোধন হ’বলগীয়া হাংঝৌ এছিয়ান গেমছৰ বাবে নিৰ্বাচিত ১১ জনীয়া ভাৰতীয় উশ্বু দলত স্থান পোৱা খেলুৱৈ তিনিগৰাকী এতিয়া দিল্লীতেই ৰৈ যাবলগীয়া হ’ল। ভাৰতে চীনৰ এই কাৰ্যত জনাইছে তীব্ৰ প্ৰতিবাদ।

এছিয়ান গেমছত নিষিদ্ধ অৰুণাচলী এথলীট
ভাৰতীয় উশ্বু দলৰ ৩ খেলুৱৈক প্রৱেশৰ অনুমতি নিদিলে চীনে
ভাৰতীয় দলত আছিল ৩গৰাকী অৰুণাচলী উশ্বু খেলুৱৈ
চীনৰ ওচৰত তীব্র প্রতিবাদ দৰ্শাইছে ভাৰতে
চীন ভ্রমণ বাতিল কৰিলে ক্রীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে

ভাৰতৰ অৰুণাচল প্ৰদেশ চীনৰ অংশবিশেষ বুলি দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে চীন চৰকাৰে। লাডাখ–হিমালয়ৰ আকছাই চীন আৰু অৰুণাচল প্ৰদেশক ভাৰতৰ অংশবিশেষ বুলি চীনে দিয়া নাই স্বীকৃতি। চীনৰ এই স্থিতিৰ অংশ হিচাপে চীনলৈ অৰুণাচলৰ লোকক ভিছা দিয়াৰ ক্ষেত্ৰত চীন চৰকাৰে প্ৰদৰ্শন কৰি আহিছে বৈষম্যমূলক নীতি। অহা শনিবাৰৰ পৰা চীনৰ হাংঝৌত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছৰ বাবে ভাৰতীয় উশ্বু দলৰ ৩ গৰাকী খেলুৱৈক চীনত প্ৰৱেশৰ অনুমতি নিদিলে দেশখনৰ চৰকাৰে। বৃহস্পতিবাৰে নিশা চীনলৈ ৰাওনা হোৱা ১১ গৰাকী ভাৰতীয় উশ্বু খেলুৱৈৰ ভিতৰত ৩ গৰাকী আছিল অৰুণাচলৰ।

খেলুৱৈকেইগৰাকী হৈছে নিয়ামেন ৱাংছু, অনিলু টেগা, মেপুং লামগু

এই খেলুৱৈকেইগৰাকীক দিয়া নহ’ল চীনত প্ৰৱেশৰ অনুমতি পত্ৰ

দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰতে ৰৈ যাব লগা হ’ল খেলুৱৈকেইগৰাকী

খেলখনৰ বাবে প্ৰয়োজনীয় এক্ৰিডিটেশ্বন পোৱাত ব্যৰ্থ তেওঁলোক

উল্লেখ্য যে, যোৱা জুলাইত চীনা দূতাবাসে এই ৩গৰাকী খেলুৱৈক দিছিল ষ্টেপলড ভিছা। চীনৰ ছেংডুত অনুষ্ঠিত ৱৰ্ল্ড ইউনিভাৰচিটী গেমছৰ ভাৰতীয় উশ্বু দলৰো সদস্য আছিল তেওঁলোক। চীনত প্ৰৱেশৰ বাবে প্ৰয়োজনীয় ভিছা পাছপ’ৰ্টত সন্নিৱিষ্ট কৰাৰ পৰিৱৰ্তে এখন সুকীয়া কাগজত পিনেৰে লগাই দিয়া হৈছিল ষ্টেপলড ভিছা। চীনৰ সেই কাৰ্যৰ প্ৰতিবাদত প্ৰতিযোগিতাখনৰ পৰা নাম প্ৰত্যাহাৰ কৰিছিল ভাৰতীয় উশ্বু দলে।

চীনৰ এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ দৰ্শাইছে ভাৰতে

এয়া খেলুৱৈসুলভ মানসিকতাৰ বিৰুদ্ধে যোৱা বুলি মন্তব্য ভাৰতৰ

এই কাৰ্যৰ প্ৰতিবাদত চীন ভ্ৰমণ বাতিল কৰিলে অনুৰাগ ঠাকুৰে

এয়া চীনৰ এছিয়ান গেমছৰ উদ্যমৰ বিৰুদ্ধে যোৱা কাৰ্য বুলি অভিহিত কিৰেণ ৰিজিজুৰ

আন্তৰ্জাতিক অলিম্পিক কমিটীৰ হস্তক্ষেপ দাবী কিৰেণ ৰিজিজুৰ

ইতিমধ্যে, অলিম্পিক কাউন্সিল অৱ এছিয়াৰ মুৰব্বী ৰণধীৰ সিঙেও এই কাৰ্যৰ বিৰোধিতা কৰা মত প্ৰকাশ কৰিছে। অৰুণাচলী খেলুৱৈকেইগৰাকীক ভিছা প্ৰদানৰ পৰা চীন বিৰত থাকিলে ভাৰতে কি পদক্ষেপ লয় সেয়া হ’ব লক্ষ্যণীয়। পূৰ্বৰ ৱৰ্ল্ড ইউনিভাৰচিটী গেমছৰ দৰে উশ্বু খেলত অংশগ্ৰহণৰ পৰা বিৰত থাকিব নেকি সেয়াও অন্যতম চৰ্চিত বিষয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...