অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া)ৰ আশাপ্ৰদ প্ৰদৰ্শন

0 483

এইপৰ্যন্ত ২০৭২.৬৭ কোটি টকা ব্যয়, নিৰ্ধাৰিত লক্ষ্যৰ ৮৫.০৪ শতাংশ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ নেতৃত্বত সকলোৰে বাবে বহনক্ষম গৃহ নিৰ্মাণৰ সপোন পূৰণৰ দিশত অসমৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া) কাৰ্যসূচীয়ে উল্লেখনীয় অগ্ৰগতি প্ৰদৰ্শন কৰিছে৷ ২০২৩ চনৰ ২২ ছেপ্টেম্বৰলৈকে এই দূৰদৰ্শী পদক্ষেপে ৫৫১টা বিস্তৃত প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) তথা ১,৭২,৫৪৪টা বাসগৃহ নিৰ্মাণত অনুমোদন জনাইেছে৷ ইয়াৰে ১,৬৪,৩৬৭টা ঘৰ ইতিমধ্যে হিতাধিকাৰীলৈ আবণ্টন জনোৱা হৈছে৷ আনহাতে আঁচনিৰ দ্বিতীয় কিস্তিত নিৰ্ধাৰিত ৯৭,৮৯০ টা ঘৰৰ ভিতৰত ৮৫.০৪ শতাংশ সাফল্য প্ৰদৰ্শনেৰে ৮৩,২৪৭ টা গৃহৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে৷

একেদৰে ৰাজ্যত প্ৰধানমন্ত্ৰী আৱাস যোজনা [নগৰীয়া]ৰ পুঁজি ব্যয়ৰ ক্ষেত্ৰতো যথেষ্ট সফলতা অৰ্জন কৰা হৈছে৷ এই সময়ছোৱাত আঁচনি ৰূপায়ণত মুঠ ২০৭২.৬৭ কোটি টকা ব্যয় কৰা হৈছে, যাৰ ১৫২৬.৫২ কোটি টকা কেন্দ্ৰীয় অংশ আৰু ৫৪৬.১৫ কোটি টকা ৰাজ্যিক অংশ৷ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ওচৰত ইতিমধ্যে ইয়াৰ পুঁজি ব্যৱহাৰৰ প্ৰমাণপত্ৰ দাখিল কৰা হৈছে৷

উল্লেখযোগ্য যে এই আঁচনিৰ ৰূপায়ণ মাথোঁ গৃহ নিৰ্মাণতে সীমাবদ্ধ থকা নাই৷ ক্ৰেডিট লিংকড ৰাজসাহায্য আঁচনিয়ে এইপৰ্যন্ত মুঠ ৭৯.৭৯ কোটি টকাৰ সূতৰ ৰাজসাহায্য মঞ্জুৰ আৰু মুকলি কৰি ৩,৪৬৬ গৰাকী হিতাধিকাৰীক সকাহ প্ৰদান কৰিছে৷ আনহাতে আঁচনিৰ ‘প্ৰদৰ্শন গৃহ নিৰ্মাণ প্ৰকল্প’য়ো উল্লেখযোগ্য সাফল্য প্ৰদৰ্শন কৰিছে৷ গুৱাহাটীৰ ফটাশিল আমবাৰীত ৪০টা আৱাসিক গোটৰে গঠিত এটা প্ৰকল্পৰ নিৰ্মাণৰ কাম চলি আছে, যিয়ে সৰ্বাত্মক অন্তৰ্ভুক্তি আৰু প্ৰগতিৰ ক্ষেত্ৰত আঁচনিখনৰ প্ৰতিশ্ৰুতিবদ্ধতাক মূৰ্ত কৰি তুলিছে৷ আনহাতে উত্তৰ লখিমপুৰ পৌৰসভাত ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে অনুমোদন জনোৱা ৬৪টা আৱাসিক গোটৰ প্ৰকল্পৰ সৈতে ‘ইন-চিটু বস্তি পুনৰ্বিকাশ’ আঁচনিখন ৰূপায়ণ কৰি থকা হৈছে৷ এই প্ৰকল্পৰো ৰূপায়ণ দ্ৰুতগতিত আগবাঢ়িছে, যি হিতাধিকাৰীসকলৰ বাবে উন্নত জীৱন-ধাৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷

অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া) সফল কৰি তোলাৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ নেতৃত্বত বহুতো ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এই প্ৰথাবোৰৰ ভিতৰত আছে এক বৰ্ধিত ৰাজ্যিক ৰাজসাহায্য, অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে অতিৰিক্ত সমৰ্থন, ভূমিহীন হিতাধিকাৰীসকলৰ সৱলীকৰণ আৰু আধাৰশিলা স্থাপন অনুষ্ঠান তথা গৃহপ্ৰৱেশ উৎসৱ উদযাপনৰ দৰে উদ্ভাৱনীমূলক পদক্ষেপ৷

উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে ১,০৫,২৪৭ গৰাকীতকৈ অধিক পিএমএৱাই-ইউ হিতাধিকাৰীলৈ প্ৰশংসা পত্ৰ লিখি আঁচনিখনৰ ৰূপায়ণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰি তুলিছে৷ তদুপৰি, ‘বেকলগ্‌ ক্লিয়াৰেন্স ড্ৰাইভ, ২০২৩’ৰ অধীনত দীৰ্ঘদিনে অৰ্ধনিৰ্মিত হৈ থকা ৰ,৪১০টা ঘৰৰ নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু নিৰ্মাণ কৰিবলৈ বাকী থকা ৰ,৩০৮টা ঘৰৰ নিৰ্মাণৰ কামো চলি আছে৷

উল্লেখযোগ্য যে ২০১৫ চনৰ ২৫ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া) নামৰ এই ক্ৰান্তিকাৰী আঁচনিৰ শুভাৰম্ভ কৰিছিল৷ ২০২২ চনৰ ভিতৰত দেশৰ চহৰাঞ্চলত বসবাস কৰা দুখীয়া পৰিয়ালৰ বাবে বহনক্ষম বাসগৃহ নিৰ্মাণ কৰাই আছিল উক্ত আঁচনিৰ মূল লক্ষ্য৷ ২০২২ চনৰ ১০ আগষ্টত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকে ৩১ ডিচেম্বৰ, ২০২৪লৈকে এই আঁচনি অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনায়৷

Leave A Reply

Your email address will not be published.