পৰিনীতি-ৰাঘৱৰ পূৰ্বে কোনে কোনে বিয়াৰ বাবে বাচি লৈছিল ৰাজস্থানক?

বিয়াৰ বাবে সাজু হৈছে অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু আৰু তেওঁৰ ভাবী স্বামী ৰাঘৱ চাড্ডা। ২৪ ছেপ্তেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব ৰাঘৱ আৰু পৰিনীতি।

উদয়পুৰত তেওঁলোকৰ বিবাহ অনুষ্ঠান সম্পন্ন হ’ব। কিন্তু পৰিনীতি আৰু ৰাঘৱেই কেৱল বিয়াৰ বাবে ৰাজস্থানক বাচি লোৱা নাই। ইয়াৰ পূৰ্বে বলিউডৰ বহুকেইজন অভিনেতা-অভিনেত্ৰীয়ে বিয়াৰ বাবে ৰাজস্থানক নিৰ্বাচন কৰি লৈছিল।

পৰিনীতি আৰু ৰাঘৱৰ পূৰ্বে কেইবাগৰাকী অভিনেতা-অভিনেত্ৰীয়ে বিয়াৰ বাবে ৰাজস্থানক বাচি লৈছিল। কিন্তু কোন সেইসকল অভিনেতা-অভিনেত্ৰী জানো আহক।

এই তালিকাত প্ৰথমে নাম ল’ব লাগিব ৰবিনা টেণ্ডনৰ। তেখেতৰ বিয়া উদয়পুৰৰ শিৱ নিবাস পেলেচত হৈছিল।

সিদ্ধাৰ্থ মালহোত্ৰা আৰু ক্যাৰা আদৱানীয়েও বিয়াৰ বাবে বাচি লৈছিল ৰাজস্থানক।

যিসকল অভিনেতা-অভিনেত্ৰীয়ে ৰাজস্থানকেই তেওঁলোকৰ বিয়াৰ বাবে বাচি লৈছিল, তেওঁলোকৰ ভিতৰত নাম ল’ব লাগিব দেশী গাৰ্ল খ্যাত প্ৰিয়ংকা চোপ্ৰাৰ। প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাচৰ বিয়াও যোধপুৰৰ উমেইদ ভৱনত হৈছিল।

২০১৭চনত অভিনেতা নীল নীতিন মুকেশেও উদয়পুৰতে বিবাহপাশত আৱদ্ধ হৈছিল

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...