নাতিদীৰ্ঘ সময়তে জনতাৰ বুকুৱে বুকুৱে থিতাপি লৈছিল ৰাণা দাই

৭৯ সংখ্যক জন্মদিনত দৰদী শিল্পী জয়ন্ত হাজৰিকাক স্মৰণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আজিও জয়ন্ত হাজৰিকাৰ দৰদী গীতে মনপ্ৰাণ পুলকিত কৰে প্ৰতিজনৰে। নাতিদীৰ্ঘ জীৱনত অসমীয়া আধুনিক গীতৰ এটি যুগমীয়া ধাৰা সৃষ্টি কৰিছিল শিল্পীজনে। কম সময়তে জনতাৰ বুকুৱে বুকুৱে থিতাপি লৈছিল ৰাণা দাই। আজি সেই ৰাণাদাৰেই স্মৰণ সৰ্বত্ৰ।

বিশাল আকাশৰ গভীৰতা যেন গীত তেওঁৰ
মায়াময় ৰূপালী জোনাকৰ শীতলতা যেন কণ্ঠ তেওঁৰ
উভতি নহাৰ কথা কৈ বুকুতে ৰৈ যোৱা অম্লান কাহিনী তেওঁ
কেতিয়াবা বেজাৰতে টোপনি আনিব পৰা নিচুকনি তেওঁ

তেওঁ ৰাণা দা
যাউতিযুগীয়া জয়ন্ত হাজৰিকা
নাতিদীৰ্ঘ সময়তে জনতাৰ বুকুৱে বুকুৱে থিতাপি লৈছিল ৰাণা দাই
আজি সেই ৰাণাদাৰেই স্মৰণ সৰ্বত্ৰ

কোনোৱে গাইছে গান

কোনোৱে সুঁৱৰিছে ৰাণা দাৰ সান্নিধ্যৰ সুবাস
১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙলদৈত জন্মগ্ৰহণ কৰিছিল শিল্পী জয়ন্ত হাজৰিকাই। দৰদী জয়ন্ত হাজৰিকাৰ জন্মস্থানত গুণমুগ্ধই আয়োজন কৰিছে শিল্পীজনাৰ ওপজা দিন।
অসমীয়া আধুনিক গীতৰ পৰিকাঠামো নিৰ্মাণৰ খনিকৰ তেওঁ
তেওঁ গীতৰ ধাৰাৰে সূৰ্যমুখী বাটৰ যুগজয়ী ৰূপকাৰ

মহানগৰীৰ চানমাৰিস্থিত জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত আয়োজিত হয় শিল্পীজনাৰ ওপজা দিন।
পৰিয়াল, গুণমুগ্ধ তথা অসমৰ সাংস্কৃতিক কৰ্মীসকলৰ উপস্থিতিত বিভিন্নজনে গালে ৰাণা দাৰ কণ্ঠেৰে নিগৰা অমিয়া গান। কেকৰ পৰিৱৰ্তে পায়স খাই ভাল পাইছিল গণশিল্পীজনে। স্বামীৰ জন্মবাৰ্ষিকীত সোঁৱৰণি কুঁৱলীয়ে ভেটা বাট ফালি স্মৃতিকাতৰ হৈ পৰিল শিল্পীপত্নী মনীষা হাজৰিকা। ১৯৭৭ চনত জয়ন্ত হাজৰিকাই গঠন কৰিছিল সুৰবাহিনী।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...