নিমৰ উপকাৰিতাসমূহৰ বিষয়ে জানেনে?

সোৱাদত তিতা নিম হয়তো আপোনাৰো পৰিচিত। প্ৰতিঘৰ মানুহৰে বাৰীত এই নিম গছ সহজে পোৱা যায়। বহু লোকে ইয়াক বিভিন্ন ঔষধত ব্যৱহাৰ কৰা দেখা যায়। সোৱাদত তিতা হ’লেও কিন্তু এই নিমৰো আছে বহু উপকাৰিতা। যি সমূহ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনিও। তেন্তে জানো আহকচোন এই নিমৰনো কি কি উপকাৰিতা আছে।

নিমৰ উপকাৰিতা

১. নিমপাত গ্ৰহণ কৰিলে শৰীৰৰ পৰা লেতেৰা পদাৰ্থসমূহ ওলাই যায়। এই লেতেৰা পদাৰ্থ সমূহ ওলাই যোৱাৰ ফলত আমাৰ ছালখন উজ্জল আৰু চাফা হৈ পৰে। গতিকে আপুনিও আপোনাৰ শৰীৰ চাফা কৰিবলৈ নিমৰ পাত গ্ৰহণ কৰিব পাৰে।

২. নিম গ্ৰহণৰ ফলত আমাৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পায়। ফলত জ্বৰ, কাঁহ আদি বেমাৰৰ পাৰ আমি সহজে হাত হাৰিব পাৰো।

৩. কৃমি ৰোগত আক্ৰাান্ত সকলে নিম পাত গ্ৰহণ কৰিব পাৰে। কাৰণ নিম পাত খালে কৃমি নাশ হয়।

৪. সকলো প্ৰকাৰৰ খৰ, খজুৱতিৰ পৰা পৰিত্ৰাণ পাবলৈ মহানিমৰ পাত পানীত সিজাই গা ধুব লাগে।

৫. নিম পাতে বসন্ত ৰোগ প্ৰতিৰোধ কৰে।

৬. নিম গছ বাৰীত থাকিলে বিশুদ্ধ হয়।

৭. মূৰত ওকনি হ’লে গৰম পানীত নিম পাত সিজাই মূৰ ধুব লাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...