পনীৰ খাই যদি পঢ়ক এই প্ৰতিবেদন

কোৱা হয় গাখীৰ আমাৰ শৰীৰৰ বাবে যথেষ্ট লাভদায়ক। সেইবাবেই সৰুৰে পৰাই প্ৰতিজন লোককে গাখীৰ খাবলৈ দিয়া হয়। এই গাখীৰৰ পৰাই প্ৰস্তুত কৰা এবিধ সামগ্ৰী হৈছে পনীৰ। গাখীৰ বেয়া পোৱা মানুহেও পনীৰ খাই ভাল পায়। গাখীৰৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী হিচাপে এই পনীৰৰো বহুত উপকাৰিতা আছে। কিন্তু আপোনাৰো বাৰু জানিবলৈ মন নাযায়নে পনীৰৰ পৰা আমি কি কি উপকাৰিতা লাভ কৰিব পাৰো? তেন্তে পলম কিহৰ জানো আহকচোন পনীৰৰ পৰানো আমি কি কি উপকাৰিতা লাভ কৰিব পাৰো।

পনীৰৰ উপকাৰিতা

১. পনীৰত কেলছিয়াম, আইৰণ, প্ৰটিন আদি থাকে। গৰ্ভাৱস্থাত কেলছিয়াম, আইৰণ, প্ৰটিন আদিৰ প্ৰয়োজন হয়। যাৰ বাবে গৰ্ভৱতী মহিলাসকলে পনীৰ গ্ৰহণ কৰিব পাৰে। গৰ্ভৱতী মহিলা সকলৰ বাবে পনীৰ গ্ৰহণ লাভদায়ক হ’ব পাৰে।

২. ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ আপুনিও সেৱন কৰিব পাৰে পনীৰ। কিছু অধ্যয়নৰ মতে পনীৰে আমাৰ ওজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। আচলতে পনীৰত প্ৰচুৰ পৰিমানে প্ৰটিন পোৱা যায়। প্ৰটিনযুক্ত আহাৰ গ্ৰহণৰ পাছত আমাৰ বহু সময়লৈকে ভোক নালাগে। গতিকে পনীৰ সেৱনৰ ফলত আমাৰ ওজন নিয়ন্ত্ৰণত থাকে।

৩. এখন সুন্দৰ ছালৰ বাবে পনীৰৰ গ্ৰহণ লাভদায়ক হ’ব পাৰে। কিয়নো পনীৰত প্ৰচুৰত পৰিমানে ভিটামিন এ পোৱা যায়। আনফালে ভিটামিন এ এখন সুন্দৰ ছালৰ বাবে গুৰুত্বপূৰ্ণ। এনে অৱস্থাত এখন সুন্দৰ ছালৰ বাবে পনীৰৰ গ্ৰহণ লাভদায়ক হ’ব পাৰে।

৪. বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ হাড়বিলাক দুৰ্বল হৈ আহে। এনে অৱস্থাত পনীৰৰ গ্ৰহণ লাভদায়ক হ’ব পাৰে। কিয়নোপনীৰত প্ৰচুৰ পৰিমানে ভিটামিন বি আৰু ভিটামিন ডি পোৱা যায়। এই দুয়োবিধ ভিটামিনেই হাড়ৰ বাবে উপকাৰী। কিয়নো ভিটামিন ডি গতিকে হাড় মজবুত তথা শক্তিশালী কৰি ৰাখিবলৈ আপুনিও গ্ৰহণ কৰক পনীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...