শেৱালিৰ ঔষধি গুণসমূহৰ বিষয়ে জানেনে?

আহিনৰ আচলত ধৰি ধৰাৰ বুকুলৈ আকৌ আহিল শৰৎ। শৰৎ অহাৰ বতৰা লৈ আকৌ ফুলি উঠিল শেৱালি ফুল। শৰতৰ আগমনত প্ৰস্ফুতিত হোৱা শেৱালি আৰু ইয়াৰ সুগন্ধই শৰতৰ সন্ধিয়াবোৰ অধিক মধুময় কৰি তোলে। এই শেৱালিয়েই কেতিয়াবা কবিৰ কলমে কবিতা হৈ নিগৰে। পুৱা তলসৰা শেৱালি বুটলাৰো আছে অনেক আমেজ। এই শেৱালিৰো আছে বহু ঔষধি গুণ। আহকচোন কি কিনো ঔষধি গুণ আছে এই শেৱালিৰ।

শেৱালিৰ ঔষধি গুণ

১. শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে তেজ পৰিষ্কাৰ হয়।
২. শেৱালিয়ে আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। যাৰ ফলত আমি জ্বৰ, চৰ্দিৰ দৰে ৰোগৰ পৰা হাত হাৰিব পৰা যায়।
৩. শেৱালি ফুলৰ কুমলীয়া পাতৰ ৰস উলিয়াই মৌজোলৰ লগত সেৱন কৰিলে জ্বৰ কাহ ভাল হয়।
৪. শেৱালি ফুল ৰান্ধি খালে, ভোক আৰু খাদ্যৰ ৰুচি বঢ়োৱাত সহায় হয়।
৫. কৃমিৰ সমস্যা থাকিলে শেৱালি পাতৰ ৰস সেৱন কৰিলে যথেষ্ট উপকাৰ পোৱা যায়।

NKTV Digital
Author: NKTV Digital

379 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...