২৪ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা সকলো শিক্ষানুষ্ঠান

এইবাৰ ২৪ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা কৰা হৈছে সকলো শিক্ষানুষ্ঠান।

মাৰাত্মক নিপা ভাইৰাছৰ সংক্ৰমণে কেৰালাৰ লগতে দেশৰ জনস্বাস্থ্যৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। কেৰালাত বৰ্তমানলৈ ৬ জন লোকে মৃত্যুক সাবটি লৈছে নিপা ভাইৰাছৰ দ্বাৰা সংক্ৰমণৰ ফলত। সংক্ৰমিত লোকৰ সংস্পৰ্শলৈ অহা লোকৰ সংখ্যা বৃদ্ধি পাইছে ১০৮০জনলৈ। কেৰালাৰ কোজিকড জিলাত ক্ৰমাৎ ভয়াৱহ হৈ উঠিছে নিপা ভাইৰাছৰ সংক্ৰমণ। জিলাখনত এসপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে সকলো শিক্ষানুষ্ঠান। জিলাখনত ২৪ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা সকলো শিক্ষানুষ্ঠান।

কেৰালাত বৃদ্ধি পাইছে নিপা ভাইৰাছৰ সংক্ৰমণ

নিপা ভাইৰাছৰ সংক্ৰান্তক লৈ উদ্বিগ্ন সমগ্ৰ কেৰালা। ৰাজ্যখনত বৰ্তমানলৈ মৃত্যু ৬জনকৈ সংক্ৰমিত লোকৰ। ক্ৰমাৎ দীঘলীয়া হৈছে আক্ৰান্তৰ সংস্পৰ্শলৈ অহা লোকৰ তালিকা। এক হেজাৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে। কৰ’নাৰ পিছত এইবাৰ উদ্বিগ্নতা বৃদ্ধি পাইছে নিপা ভাইৰাছৰ সংক্ৰমণক লৈ। কেৰালাৰ কেবাখনো জিলাত সংক্ৰমিত হৈছে এই মাৰাত্মক নিপা ভাইৰাছৰ। ইতিমধ্যে ৬জনকৈ লোকে মৃত্যুক সাৱটি লৈছে নিপা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ। আক্ৰান্ত হৈছে আন কেবাজনো লোক। কেৰালাৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে, ইতিমধ্যে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহা ১০৮০জন লোকৰ তালিকা প্ৰস্তুত কৰা হৈছে। ইয়াৰে অধিকাংশ লোকেই আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। সৰ্বাধিক ভাবুকিৰ সন্মুখীন হৈছে কোজিক’ড জিলা। জিলাখনত মৃত্যু হৈছে ২জনকৈ সংক্ৰমিত লোকৰ। কোজিক’ডৰ লগতে সতৰ্কতা জাৰি কান্নুৰ, ৱাইনাড়, মালাপ্পুৰমত। পৰিস্থিতিৰ বুজ ল’বলৈ কেৰালাত উপস্থিত কেন্দ্ৰীয় স্বাস্থ্য বিশেষজ্ঞ। কেৰালাৰ লগতে দেশৰ আন অংশলৈ নিপা ভাইৰাছ বিয়পি পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। উদ্বিগ্ন হৈ পৰিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদো। ICMRৰ সঞ্চালক ৰাজীৱ বেহেলে প্ৰকাশ কৰা মতে, কৰ’নাতকৈয়ো অধিক মাৰাত্মক এই নিপা ভাইৰাছ। নিপা ভাইৰাছৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ ৪০ৰ পৰা ৭০ শতাংশ। অত্যধিক সতৰ্কতাই প্ৰতিৰোধৰ উপায়, এতিয়াও প্ৰস্তুত হোৱা নাই ভেকচিন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...