২৪ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা সকলো শিক্ষানুষ্ঠান

এইবাৰ ২৪ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা কৰা হৈছে সকলো শিক্ষানুষ্ঠান।

মাৰাত্মক নিপা ভাইৰাছৰ সংক্ৰমণে কেৰালাৰ লগতে দেশৰ জনস্বাস্থ্যৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। কেৰালাত বৰ্তমানলৈ ৬ জন লোকে মৃত্যুক সাবটি লৈছে নিপা ভাইৰাছৰ দ্বাৰা সংক্ৰমণৰ ফলত। সংক্ৰমিত লোকৰ সংস্পৰ্শলৈ অহা লোকৰ সংখ্যা বৃদ্ধি পাইছে ১০৮০জনলৈ। কেৰালাৰ কোজিকড জিলাত ক্ৰমাৎ ভয়াৱহ হৈ উঠিছে নিপা ভাইৰাছৰ সংক্ৰমণ। জিলাখনত এসপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে সকলো শিক্ষানুষ্ঠান। জিলাখনত ২৪ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা সকলো শিক্ষানুষ্ঠান।

কেৰালাত বৃদ্ধি পাইছে নিপা ভাইৰাছৰ সংক্ৰমণ

নিপা ভাইৰাছৰ সংক্ৰান্তক লৈ উদ্বিগ্ন সমগ্ৰ কেৰালা। ৰাজ্যখনত বৰ্তমানলৈ মৃত্যু ৬জনকৈ সংক্ৰমিত লোকৰ। ক্ৰমাৎ দীঘলীয়া হৈছে আক্ৰান্তৰ সংস্পৰ্শলৈ অহা লোকৰ তালিকা। এক হেজাৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে। কৰ’নাৰ পিছত এইবাৰ উদ্বিগ্নতা বৃদ্ধি পাইছে নিপা ভাইৰাছৰ সংক্ৰমণক লৈ। কেৰালাৰ কেবাখনো জিলাত সংক্ৰমিত হৈছে এই মাৰাত্মক নিপা ভাইৰাছৰ। ইতিমধ্যে ৬জনকৈ লোকে মৃত্যুক সাৱটি লৈছে নিপা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ। আক্ৰান্ত হৈছে আন কেবাজনো লোক। কেৰালাৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে, ইতিমধ্যে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহা ১০৮০জন লোকৰ তালিকা প্ৰস্তুত কৰা হৈছে। ইয়াৰে অধিকাংশ লোকেই আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। সৰ্বাধিক ভাবুকিৰ সন্মুখীন হৈছে কোজিক’ড জিলা। জিলাখনত মৃত্যু হৈছে ২জনকৈ সংক্ৰমিত লোকৰ। কোজিক’ডৰ লগতে সতৰ্কতা জাৰি কান্নুৰ, ৱাইনাড়, মালাপ্পুৰমত। পৰিস্থিতিৰ বুজ ল’বলৈ কেৰালাত উপস্থিত কেন্দ্ৰীয় স্বাস্থ্য বিশেষজ্ঞ। কেৰালাৰ লগতে দেশৰ আন অংশলৈ নিপা ভাইৰাছ বিয়পি পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। উদ্বিগ্ন হৈ পৰিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদো। ICMRৰ সঞ্চালক ৰাজীৱ বেহেলে প্ৰকাশ কৰা মতে, কৰ’নাতকৈয়ো অধিক মাৰাত্মক এই নিপা ভাইৰাছ। নিপা ভাইৰাছৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ ৪০ৰ পৰা ৭০ শতাংশ। অত্যধিক সতৰ্কতাই প্ৰতিৰোধৰ উপায়, এতিয়াও প্ৰস্তুত হোৱা নাই ভেকচিন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...