এছিয়া কাপৰ ফাইনেলত ভাৰত

এছিয়া কাপৰ ফাইনেলত ভাৰত
পাকিস্তানৰ পিছত শ্ৰীলংকাক পৰাস্ত কৰিলে ভাৰতে
চাপত পৰাৰ পিছতো ৪১ ৰানত জয় সাব্যস্ত টীম ইণ্ডিয়াৰ
পাকিস্তানৰ বিৰুদ্ধে বেটিং বিক্ৰমৰ পিছত শ্ৰীলংকাৰ বিৰুদ্ধে দুৰ্বল প্ৰদৰ্শন

পাকিস্তানৰ বিৰুদ্ধে দুৰ্দান্ত জয়ৰ পিছত শ্ৰীলংকাৰ বিৰুদ্ধেও ভাৰতৰ জয় সহজসাধ্য হ’ব বুলি ভবা হৈছিল। কিন্তু কলম্বোৰ প্ৰেমদাসা ষ্টেডিয়ামত শ্ৰীলংকাৰ স্পিনাৰৰ ভেল্কীত ভাৰতীয় বেটচমেনে সহজে হাৰ মানে বুলি ক’লেও ভুল নহ’ব। ২০ বছৰীয়া স্পিনাৰ ডুনিথ ওৱেল্লালাগেই বল হাতত লোৱাৰ লগে লগে ভাৰতীয় বেটিঙৰ কংকাল ওলাই আহে। কোনোজন ভাৰতীয় বেটচমেনে স্বাচ্ছন্দ্যৰে খেলিব নোৱাৰিলে ডুনিথৰ বল।

ডুনিথ ৱেল্লালাগেৰ বলিঙত দিশহাৰা ভাৰতীয় বেটচমেন
ডুনিথৰ বলত এজনৰ পিছত এজনে বিদায় ল’লে ভাৰতীয় টপ অৰ্ডাৰে
শুভমন, কোহলি, ৰোহিত শৰ্মা, কে এল ৰাহুল, হাৰ্দিক পাণ্ড্যা চিকাৰ হ’ল ডুনিথৰ
১০ অভাৰ বল দি ৪০ ৰানত ৫ উইকেট দখল ডুনিথৰ
পাৰ্ট টাইম স্পিনাৰ আছালংকাই ১৮ ৰান দি লাভ কৰে ৪টা উইকেট
২ স্পিনাৰৰ আক্ৰমণত ভাৰতে ২১৩ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়


প্ৰত্যুত্তৰত খেলিবলৈ আহি যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজৰ বলিঙত আৰম্ভণিৰ পৰাই শ্ৰীলংকা বিপদত পৰে। শ্ৰীলংকা দলৰ ডুনিথ ৱেল্লালাগেই বেটিঙতো ভাৰতীয় বলাৰক আক্ৰমণ কৰি শ্ৰীলংকাৰ জয়ৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছিল।

৪৬টা বলত অপৰাজিত ৪২ ৰান ডুনিথ ৱেল্লালাগেৰ
যথাযোগ্যভাৱেই খেলখনত মেন অৱ দ্য মেচ বিবেচিত হয় ডুনিথ ৱেল্লালাগে

শ্ৰীলংকাৰ অন্তিম ৩জন বেটচমেনে মাথোন ২ ৰানৰ ভিতৰতে আউট হোৱাৰ ফলত ষ্ট্ৰাইক পোৱাৰ পৰা বঞ্চিত হয় ডুনিথ। ডুনিথে ষ্ট্ৰাইক পোৱা হ’লে হয়তো খেলৰ গতিয়েই সলনি হ’লহেঁতেন। বিশ্বকাপ ক্ৰিকেটৰ পূৰ্বে ভাৰতীয় বেটচমেনৰ স্পিনৰ বিৰুদ্ধে দুৰ্বলতা শুভলক্ষণ নহয় বুলি চিহ্নিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...