NDAৰ শাসন কালত উত্তৰ পূৰ্বাঞ্চলে শান্তি আৰু বিকাশৰ দিশত দ্রুত গতিৰে আগুৱাই যাবলৈ সক্ষম হৈছে : মুখ্যমন্ত্রী

0 29

শ্বিলঙত ২১.৫ কোটি টকা ব্যয় সাপেক্ষে কাৰ্বি ভৱন উদ্বোধন কৰিলে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে

কাৰ্বি আংলং জিলাৰ শিক্ষাৰ্থীসকলৰ বাবে ১০০খন বিছনাযুক্ত হোষ্টেলৰ আধাৰশিলা স্থাপন কৰিলে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে

কাৰ্বি আংলং জিলাৰ উন্নয়নৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰ দায়বদ্ধ : মুখ্যমন্ত্রী

অসম আৰু মেঘালয়ৰ সীমা বিবাদ গ্রহণযোগ্য সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্রী আশাবাদী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনবাড চাংমাই মেঘালয়ৰ ৰাজধানী শ্বিলঙত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত ২১.৫ কোটি টকা ব্যয়ৰে নির্মিত কাৰ্বি হেমটুন (কাৰ্বি ভবন) শুভ উদ্বোধন কৰে।

দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে ২২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ১০০ বিছনাযুক্ত কাৰ্বি বিদ্যার্থী হোস্টেল তথা বাণিজ্যিক ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই দুই অভিলাষী প্রকল্পৰ ভিতৰত কাৰ্বি হেমটুনে শ্বিলঙলৈ অহা কাৰ্বি আংলংবাসীৰ থকা মেলাৰ সুবিধা আগবঢ়াব। অত্যাধুনিকভাৱে নির্মিত কাৰ্বি ভৱনটোত একে সময়তে ৫০ জন লোক থকাৰ সুবিধা থাকিব।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে যে, শ্বিলঙত নতুনকৈ উদ্বোধন কৰা কাৰ্বি হেমটুনে বিভিন্ন উদ্দেশ্যৰে শ্বিলঙলৈ অহা কাৰ্বি আংলঙৰ জনসাধাৰণৰ বাবে থকাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈ উঠিব। তেওঁ লগতে কয় যে আজি আধাৰশিলা স্থাপন কৰা হোষ্টেলটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিলে উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ বাবে অন্যতম চহৰ শ্বিলঙলৈ শিক্ষা গ্রহণ কৰিবলৈ অহা কাৰ্বি আংলংৰ ছাত্ৰ-ছাত্ৰীসকলৰ থকা-মেলাৰ ক্ষেত্ৰত থকা এক দীর্ঘদিনীয়া অভাৱ দূৰ হ’ব। বাণিজ্যিক দিশৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰিবলগীয়া এই ভৱনটোৱে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদক অর্থনৈতিক দিশটো সহায়ক হ’ব বুলি তেওঁ কয়।

কাৰ্বি আংলং জিলাৰ বিকাশৰ দিশত বৰ্তমানৰ ৰাজ্য চৰকাৰৰ থকা দায়বদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে কাৰ্বি আংলং আৰু ইয়াৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ বাবে গুৰুত্ব প্ৰদান কৰি আহিছে। মুখ্যমন্ত্রীয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ভূমিকাক প্ৰশংসা কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ নেতৃত্বত শেহতীয়াকৈ জিলাখনে শান্তি আৰু উন্নয়নৰ ক্ষেত্ৰত চমকপ্রদ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শ্বিলঙত কাৰ্বি হেমটুন প্রকল্প সম্পূৰ্ণ কৰাৰ দিশত লোৱা ভূমিকাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম আৰু মেঘালয়ৰ মাজত থকা দীৰ্ঘদিনীয়া সীমা সমস্যা সৌহার্দ্যপূর্ণ আৰু যুক্তিসংগতভাৱে সমাধান কৰিব পৰা যাব। তেওঁ লগতে কয় যে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্রিক মিত্রজোট (এন ডি এ)ৰ শাসনৰ সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চললৈ শান্তি উভতি অহাৰ লগতে বিকাশে আজি নতুন ৰূপ লাভ কৰিছে। আজি অঞ্চলটোৰ জনসাধাৰণে ৰাষ্ট্ৰৰ অন্যান্য অংশৰ লগতে সমভাৱে বিকাশৰ দিশেৰে আগবাঢ়িছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলে শৈক্ষিক আৰু সাংস্কৃতিক দিশত নৱজাগৰণেৰে আগুৱাই গৈছে।

এই অনুষ্ঠানত মেঘালয়ৰ উপ-মুখ্যমন্ত্রী এছ ধৰ, খাচী পাহাৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য পি ছিয়েনি, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণ সিং বে, অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিধায়ক সকল ক্রমে বিদ্যাসিং ইংলেং, ৰূপসিং তেৰণ আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.