ব্ৰহ্মপুত্ৰ নদীপাৰ সৌন্দৰ্যবৰ্দ্ধন প্ৰকল্পৰ সন্তোষজনক অগ্ৰগতি

পাণবজাৰস্থিত আৰক্ষী আয়ুক্তৰ পুৰণি বাংলো চৌহদত নিৰ্মীয়মান উদ্যান পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ উন্নীতকৰণৰ বাবে বিশ্বমানৰ দৃষ্টিভংগী সন্মুখত ৰাখি দৃঢ়তাৰে আগবাঢ়িছে। পৰৱৰ্তী দশকটোৰ ভিতৰত গুৱাহাটী মহানগৰীক মাথোঁ উত্তৰ-পূব ভাৰতৰে নহয়, সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ় দিয়াৰ মানসেৰে চহৰখনৰ আন্তঃগাথঁনি সবলীকৰণ আৰু সৌন্দৰ্যবৰ্দ্ধনৰ বাবে বহুতো অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই প্ৰয়াসক এক নতুন গতি দিয়াৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি পুৱা গুৱাহাটীৰ পাণবজাৰত উপস্থিত হৈ আৰক্ষী আয়ুক্তৰ পুৰণি বাংলো চৌহদত চলি থকা ব্ৰহ্মপুত্ৰ নদীমুখ উন্নয়ন প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰে৷

অভিলাষী প্ৰকল্পটোৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে উক্ত স্থানত নিৰ্মাণকাৰ্য চলি থকা উদ্যানখনৰ অগ্ৰগতিৰো তেওঁ বুজ লয়। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ কাম-কাজ দ্ৰুততৰ কৰি তুলিবলৈ কৰ্তব্যত নিয়োজিত ঠিকাদাৰ আৰু কৰ্মীসকলক নিৰ্দেশ দিয়ে যাতে সমাগত শাৰদীয় উছৱৰ বতৰতে ইয়াক ৰাইজৰ বাবে মুকলি কৰি দিব পৰা যায়।

এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ লগতে প্ৰাধিকৰণৰ বিষয়-ববীয়াসকল তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...