ইণ্ডো ৰাছিয়ান কৰ্মশালালৈ ৰাছিয়ান প্ৰতিনিধিবৰ্গক আমন্ত্ৰণ জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

0 103

চেন্নাইত অনুষ্ঠিত হ’বলগীয়া পূব সামুদ্ৰিক কৰিড’ৰ সংক্ৰান্তীয় ইণ্ডো ৰাছিয়ান কৰ্মশালালৈ ৰাছিয়ান প্ৰতিনিধিবৰ্গক আমন্ত্ৰণ জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

  • ৰাছিয়াৰ সুদূৰ পূব অঞ্চল আৰু ভাৰতৰ বন্দৰ কৰ্তৃপক্ষৰ মাজত এই কৰ্মশালাই গুৰুত্বপূৰ্ণ আলোচনা ত্বৰান্বিত কৰিব, অংশগ্ৰহণ কৰিব ৰাছিয়াৰ ৰেলৱে আৰু দুয়োখন দেশৰ জিষ্টিক/জাহাজ পৰিবহণ কোম্পানীৰ প্ৰতিনিধিসকলে
  • ভাৰত আৰু ৰাছিয়াৰ মাজত কোকিং কয়লাৰ বাণিজ্যিক পৰিবহণে পূব সামুদ্ৰিক কৰিডৰৰ আগতীয়া কাৰ্যকৰীকৰণ আৰম্ভ কৰিব“: সৰ্বানন্দ সোণোৱাল
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰবসুধৈৱ কুটুম্বকম (এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ) বাৰ্তা কাৰ্যকৰীভাৱে বিশ্ববাসীক অৱগত কৰিছে, যিয়ে জি২০ বৈঠকত বিশ্বব্যাপী সংহতি আৰু সহযোগিতাৰ অনুভূতি বৃদ্ধি কৰিছে“: সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাছিয়াৰ ভ্লাদিভষ্টকত পূব অৰ্থনৈতিক সন্মিলনত অংশ লৈ পূব সামুদ্ৰিক কৰিড’ৰ (ইএমচি) সংক্ৰান্তীয় এক ইণ্ডো ৰাছিয়ান কৰ্মশালালৈ ৰাছিয়ান প্ৰতিনিধিবৰ্গক আমন্ত্ৰণ জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাছিয়াৰ বন্দৰ চহৰ ভ্লাদিভষ্টক আৰু ভাৰতীয় বন্দৰ চহৰ চেন্নাইৰ মাজত বৈকল্পিক বাণিজ্য পথ হিচাপে পূব সামুদ্ৰিক কৰিড’ৰৰ আগতীয়া কাৰ্যকৰীকৰণৰ সম্ভাৱনা গঢ়ি তোলাৰ লক্ষ্যৰে অধিৱেশনত এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। উক্ত কৰ্মশালাখন চলিত বৰ্ষৰ ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ চেন্নাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “পূব অৰ্থনৈতিক কৰিড’ৰ (ইএমচি) অৰ্থাৎ চেন্নাই-ভ্লাদিভষ্টক সামুদ্ৰিক ক’ৰিডৰৰ কাৰ্যকৰীকৰণে ভাৰত আৰু ৰাছিয়াৰ মাজত বাণিজ্যিক সম্পৰ্কৰ এক নতুন যুগৰ সূচনা কৰিব। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে উদ্ভাৱনীমূলক সমাধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে আৰু ইয়ে দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক বৃদ্ধি তথা শক্তিশালী কৰিব। মই দুয়োখন দেশৰ সংশ্লিষ্ট সকলো অংশীদাৰৰ বাবে এক গুৰুত্বপূৰ্ণ কৰ্মশালা চেন্নাইত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছোঁ, যাতে পূব অৰ্থনৈতিক কৰিড’ৰৰ মসৃণ আৰু দ্ৰুত কাৰ্যকৰীকৰণৰ বাবে ফলপ্ৰসূ আলাপ-আলোচনা অনুষ্ঠিত হয়।”

এইক্ষেত্ৰত ৰাছিয়ান চৰকাৰে ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধি দলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈ সুযোগ-সম্ভাৱনাৰ অন্বেষণ কৰিবলৈ এক বৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলৰ সৈতে চেন্নাই বন্দৰ ভ্ৰমণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে। এই আলোচনাৰ সময়ত উপস্থিত থকা ৰাছিয়াৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিছিল ৰাছিয়া চৰকাৰৰ ছাৰ্জে ম’চালনিক’ভ আৰু মেক্সিক ৰেশ্বেটনিক’ভে।

ভাৰতৰ বিভিন্ন সামুদ্ৰিক কাৰ্যসূচী আৰু সাগৰমালা পদক্ষেপৰ সন্দৰ্ভত সৰ্বানন্দ সোণোৱালে ৰাছিয়াত কয়, “আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ২০১৫ চনত ভাৰতৰ উপকূল আৰু জলপথৰ সম্পূৰ্ণ সম্ভাৱনা উন্মুক্ত কৰি দেশৰ ল’জিষ্টিক খণ্ডৰ প্ৰদৰ্শন বৃদ্ধি কৰাৰ উদ্দেশ্যৰে ‘সাগৰমালা’ৰ দৰে অভিলাষী পদক্ষেপ আৰম্ভ কৰা হৈছিল। ২০৩৫ চনৰ ভিতৰত সাগৰমালা কাৰ্যসূচীৰ অধীনত ৰূপায়ণৰ বাবে ৬৫ বিলিয়ন ইউএছ ডলাৰৰ অধিক বিনিয়োগ মূল্যৰ ৮০২টা প্ৰকল্প হাতত লোৱা হৈছে, যাৰ ভিতৰত ১৪.৬ বিলিয়ন ডলাৰ মূল্যৰ ২২৮টা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে আৰু ২৭ বিলিয়ন ডলাৰ মূল্যৰ ২৬০টা প্ৰকল্প কাৰ্যকৰী হৈ আছে।”

২০১৯ চনৰ ছেপ্টেম্বৰ মাহত ভ্লাদিভষ্টকত পূব অৰ্থনৈতিক মঞ্চৰ বৈঠকৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ উপস্থিতিত চেন্নাই আৰু ভ্লাদিভষ্টক দুয়োটা বন্দৰৰ মাজত সামুদ্ৰিক যোগাযোগৰ বিকাশৰ চুক্তি পত্ৰ বিনিময় কৰা হৈছিল। পূব সামুদ্ৰিক কৰিড’ৰ ব্যৱহাৰ কৰি ভাৰত আৰু ৰাছিয়াৰ মাজত বাণিজ্য বৃদ্ধিৰ ক্ষেত্ৰত কোকিং কয়লাক আটাইতকৈ উপযুক্ত সামগ্ৰী বুলি গণ্য কৰা হৈছে। যথা সময়ত উক্ত কৰিড’ৰৰ জৰিয়তে পৰিবহণ কৰা সামগ্ৰীৰ তালিকাত তেল, এলএনজি, সাৰৰ দৰে অধিক সামগ্ৰীও যোগ দিয়া হ’ব।

পূব সামুদ্ৰিক কৰিড’ৰে ভাৰত আৰু ৰাছিয়াৰ ফাৰ ইষ্ট অঞ্চলৰ বন্দৰৰ মাজত সামগ্ৰী পৰিবহণৰ বাবে প্ৰয়োজনীয় সময় ২৪ দিনলৈ হ্ৰাস কৰিব বুলি অনুমান কৰা হৈছে। বৰ্তমান ভাৰতৰ পৰা ইউৰোপ হৈ ৰাছিয়াৰ উক্ত অঞ্চললৈ সামগ্ৰী পৰিবহণ কৰিবলৈ ৪০ দিনৰ প্ৰয়োজন হয়। চেন্নাই-ভ্লাদিভষ্টক সাগৰীয় পথ (ইএমচি)এ প্ৰায় ৫,৬০০ নটিকেল মাইল দূৰত্ব সামৰি ল’ব। ২০-২৫ নট (৩৭-৪৬ কিমি/ঘণ্টা)ৰ স্বাভাৱিক ক্ৰুজিং গতিত ভ্ৰমণ কৰা এখন ডাঙৰ কণ্টেইনাৰ জাহাজে প্ৰায় ১০ৰ পৰা ১২ দিনৰ ভিতৰত এই দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বব্যাপী সংহতি আৰু সহযোগিতাৰ ভাৱনা কঢ়িয়াই অনা ‘বসুধৈৱ কুটুম্বকম’ (এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ)ৰ ভাৰতৰ শক্তিশালী বাৰ্তাটো কাৰ্যকৰীভাৱে বিশ্ববাসীক অৱগত কৰিছে। ভাৰতৰ জি-২০ৰ সফল সভাপতিত্ব বিশ্ব প্ৰেক্ষাপটত এক ঐতিহাসিক মুহূৰ্ত হিচাপে পৰিগণিত হৈছে। আন্তঃৰাষ্ট্ৰীয় বিষয়ত নেতৃত্ব দিয়া আৰু বিশ্বব্যাপী সমৰ্থন আদায় কৰা তথা বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যসূচী গঢ়ি তোলাৰ দিশত ই ভাৰতৰ শক্তি, সামৰ্থ্য প্ৰদৰ্শন কৰিছে। ভাৰতৰ সভাপতিত্বৰ অভূতপূৰ্ব সাফল্যই অনাগত বছৰবোৰত জি-২০ক পথ প্ৰদৰ্শন কৰিব।”

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাঁচদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া ভ্ৰমণলৈ আহিছে। কাইলৈ তেওঁ ৰাছিয়াৰ পৰিবহণ মন্ত্ৰী ভিটালি চেভলিয়েভক সাক্ষাৎ কৰাৰ কথা আছে। তদুপৰি, অন্যান্য গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বিষয়তো সোণোৱালে ভাগ ল’ব। ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ ভ্লাদিভষ্টক বন্দৰ পৰিদৰ্শন কৰাৰো কথা আছে।

Leave A Reply

Your email address will not be published.