ৰাজ্যৰ দীৰ্ঘতম উৰণ সেতু ‘নীলাচল’ ৰাইজৰ সেৱাত উৎসৰ্গা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে একাধিক নতুন প্ৰকল্পৰ পৰিকল্পনা

আধুনিক অসম গঢ়ৰ বাবে প্ৰসৱ বেদনা সকলোৱে ল’ব লাগিব : মুখ্যমন্ত্ৰী

ভাৰতৰ চিন্তা আৰু প্ৰযুক্তিৰ উৎস এদিন উত্তৰ পূবৰ পৰা হ’ব : মুখ্যমন্ত্ৰী

এখন দ্রুত বিকশিত অসমৰ নিদৰ্শন দাঙি ধৰাৰ লগতে গুৱাহাটী মহানগৰীৰ যাতায়াত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদানেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ দীৰ্ঘতম উৰণ সেতু হিচাপে পাণ্ডুঘাট, মালিগাঁও চাৰিআলি আৰু কামাখ্যা গেট সংযোগী নীলাচল উৰণ সেতু আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা কৰে। উল্লেখ্য যে ২.০৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন ২০২০-২১ বিত্তীয় বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ পুঁজিৰ অধীনত সৰ্বমুঠ ৪২০.৭৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে। কংক্ৰিটৰ শ্লেযুক্ত ষ্টীল কম্পজিট গার্ডাৰেৰে নিৰ্মাণ কৰা অত্যাধুনিক এই উৰণ সেতুখন ৩৫ মাহৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা হৈছে। এ টি ৰোডৰ ওপৰৰ চাৰিলেনযুক্ত মূল উৰণ সেতুখনৰ লগতে পাণ্ডুঘাট ফিডাৰ পথলৈ নিৰ্মাণ কৰা বৰ্দ্ধিত অংশৰ এই সেতুখনত ৩৭২ টা পাইল, ৫৫ টা পাইল কেপ আৰু ১৩ টা অপেন ফাউণ্ডেশ্যন আছে। এই সেতুখন নিৰ্মাণত ১৮ হাজাৰ মেট্রিক টন চিমেণ্ট, ২০ হাজাৰ কিউবিক মিটাৰ বালি, ৩১,২০০ কিউবিক মিটাৰ অন্যান্য সামগ্রী, ৭,৫৩০ মেট্রিক টন ষ্টীল আৰু ৯,৯৩০ মেট্রিক টন ষ্ট্রাকচাৰেল ষ্টীল ব্যৱহাৰ কৰা হৈছে।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীৰ অত্যন্ত ব্যস্ততাপূৰ্ণ মালিগাঁৱত এখন উৰণ সেতুৰ প্ৰয়োজনীয়তা আছিল দীৰ্ঘদিনীয়া। ৰাজ্য চৰকাৰে মহানগৰখনৰ যাতায়াত ব্যৱস্থা অধিক সূচল কৰাৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ লগতে মালিগাঁৱটো কংক্ৰিটৰ শেবযুক্ত ষ্টীল কম্পজিট গার্ডাৰেৰে এখন উৰণ সেতু নিৰ্মাণৰ বাবে সিদ্ধান্ত লৈছিল। এটা ব্যস্ততাপূৰ্ণ অঞ্চলত এখন উৰণ সেতু নিৰ্মাণ কৰাৰ বাবে আৰক্ষী, নিৰ্মাণকাৰী সংস্থা আৰু জনসাধাৰণৰ সহযোগিতাৰ অতিশয় প্রয়োজন বুলিও তেওঁ কয়। তেওঁ কয় যে পাণ্ডু-মালিগাঁও অঞ্চলটো ব্যৱসায় বাণিজ্যৰ লগতে কামাখ্যা মন্দিৰ, ৰে’লৱেৰ মুখ্য কাৰ্যালয়, পাণ্ডুঘাট আদিৰ বাবে সকলো সময়তে যথেষ্ট ব্যস্ত হৈ থাকে। সেয়েহে এই উৰণ সেতুখন নিৰ্মাণৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আছিল যদিও সেই প্রত্যাহ্বান অতিক্ৰম কৰি ৩৫ মাহৰ ভিতৰত উৰণ সেতুখন নিৰ্মাণ কৰি উলিওৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই নিৰ্মাণৰ দায়িত্বত জড়িত থকা সকল অসমৰ বুকুত জন্মগ্ৰহণ কৰা ব্যক্তি। মুখ্যমন্ত্ৰীয়ে নিৰ্মাণৰ সৈতে জড়িত সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰে৷

গুৱাহাটী বিমান বন্দৰৰ পৰা কামাখ্যা মন্দিৰলৈ এখন উৰণ সেতু নিৰ্মাণৰ সপোন আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পাণ্ডুৰ শেষ পইণ্টৰ পৰা কামাখ্যা মন্দিৰলৈ যোগাযোগ ব্যৱস্থা সূচল কৰাৰ বাবেও পদক্ষেপ লোৱা হ’ব । তেওঁ কয় যে কিছু দিনৰ ভিতৰতে গুৱাহাটী বিমান বন্দৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব। যেতিয়া নতুন টার্মিনেল নির্মাণ হ’ব তেতিয়া ধাৰাপুৰৰ পৰা এটা ছয়লেন যুক্ত পথৰ লগতে ধাৰাপুৰ চাৰিআলিত উৰণ সেতু নিৰ্মাণৰ জৰিয়তে গুৱাহাটীৰ প্ৰৱেশ পথটো সুন্দৰ কৰিব বিচৰা হৈছে। দীপৰ বিলৰ সন্মুখত এটা ৰোটাৰী হ’ব বুলিও তেওঁ কয়। ভৰলুমুখৰ ৰেলৱে ক্ৰছিং, ৰাজীৱ ভৱনৰ সন্মুখত, ডাউন টাউন হাস্পতালৰ সন্মুখত, হাৰিয়ানা ভৱনৰ পৰা ফটাশিলত প্ৰৱেশ কৰা পথত, কালিচৰণ দাস নাৰ্চিং হোমৰ পৰা লাল গণেশ পাৰ হৈ গড়ভঙা পথ পৰ্যন্ত উৰণ সেতু নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ কয়। ৰিজাৰ্ভ বেংকৰ পৰা বামুণীমৈদামলৈ ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন উৰণ সেতুৰ নিৰ্মাণৰ নিৰ্বিদা প্ৰক্ৰিয়া সমাপ্ত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা বছৰ পূজাৰ আগে আগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ সংযোগী দলংখন ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা হ’ব। ইয়াৰ ফলত মালিগাঁও অঞ্চলৰ যানজট বহু পৰিমাণে হ্ৰাস পাব বুলিও তেওঁ কয়। দুর্গাপূজাৰ মহাপঞ্চমীৰ দিনা জুৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুখন ৰাইজৰ বাবে উৎসৰ্গিত কৰা হ’ব বুলিও তেওঁ কয়।

মুখ্যমন্ত্রীয়ে কয় যে, অকল গুৱাহাটী মহানগৰীতে নহয়, ৰাজ্যৰ অন্যান্য চহৰসমূহতো উৰণ সেতু নিৰ্মাণ কৰা হৈছে। অতি সোনকালে শিলচৰত একেলগে ৩ খন উৰণ সেতু উদ্বোধন কৰা হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰপেটা ৰোড, যোৰহাট, ডিব্ৰুগড়ত অতি শীঘ্ৰে উৰণ সেতু শুভ উদ্বোধন কৰা হ’ব। তেওঁ লগতে কয় যে তেজপুৰৰ মিছন চাৰিআলিত আন এখন উৰণ সেতুৰ নিৰ্মাণৰ কাম চলি আছে। ২২ খন উৰণ সেতুৰ লগতে দলং নিৰ্মাণ হোৱাৰ উপৰি প্ৰায় ২১ খন উৰণ সেতু আৰু দলং নিৰ্মাণৰ শেষ পৰ্যায়ত উপনীত হৈছে বুলিও তেওঁ কয়। অহা ৪-৫ মাহৰ ভিতৰত শুৱালকুছি-পলাশবাৰী দলং নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে কুৰুৱা আৰু নাৰেংগীৰ মাজতো আন এখন দলং নিৰ্মাণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে কাজিৰঙাত ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু নিৰ্মাণৰ বাবে পদক্ষেপ লোৱা হৈছে। লোক নিৰ্মাণ বিভাগে এতিয়ালৈকে প্রায় ৮৪২ খন দলং সম্পূৰ্ণ কৰিছে আৰু অতি কম দিনৰ ভিতৰতে আন ১ হাজাৰ খন দলং নিৰ্মাণৰ কাম হাতত লোৱা হ’ব বুলিও তেওঁ কয়।

গুৱাহাটী মহানগৰীত পর্যাপ্ত মুকলি ঠাইৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি তেওঁ কয় যে মালিগাঁৱত অমৃত উদ্যান আৰু হেঙেৰাবাৰীত নতুন উদ্যান মুকলি কৰা হৈছে। দুৰ্গা পূজাৰ আগে আগে গুৱাহাটীৰ ফাঁচিবজাৰত নিৰ্মাণ হৈ থকা বটানিকেল গার্ডেনৰ লগতে পুৰণি উপায়ুক্ত কাৰ্যালয়ত নিৰ্মাণ হৈ থকা উদ্যানখনো ৰাইজৰ বাবে মুকলি কৰা হ’ব। মুখ্যমন্ত্রীয়ে কয় যে যি প্রযুক্তি এসময়ত দিল্লী আৰু মুম্বাইত দেখা পোৱা গৈছিল সেই প্রযুক্তি এতিয়া গুৱাহাটীত দেখিবলৈ পোৱা যাব। অতি কম দিনৰ ভিতৰত কামাখ্যা মন্দিৰলৈ যোৱাৰ বাবে কৰিৰ্ডৰ নিৰ্মাণ হৈ উঠিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কামাখ্যা ষ্টেশ্যনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰ’পৱেৰে যোৱাৰ বাবেও পদক্ষেপ লোৱা হ’ব। তেওঁ লগতে কয় যে, ২০২৬ চনৰ আগতে এই সপোন বাস্তৱত পৰিণত হ’ব। পানী যোগান গুৱাহাটীবাসী ৰাইজৰ বাবে এটা ডাঙৰ সমস্যা বুলি মন্তব্য কৰি তেওঁ কয় যে অহা কেইদিনৰ মানৰ ভিতৰতে গুৱাহাটীত আৰু ২০ হাজাৰ লোকে পানীৰ সংযোগ পাব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। পশ্চিম গুৱাহাটী অঞ্চলত আংশিকভাৱে সম্পূৰ্ণ হৈ থকা পানী যোগান আঁচনিখন সম্পূৰ্ণ কৰাৰ বাবে এক নতুন প্রচেষ্টা আৰম্ভ কৰা হ’ব বুলিও তেওঁ কয়। বাইহাটা চাৰিআলিৰ পৰা নাৰেংগী, কুৰুৱাৰ পৰা জাগীৰোড হৈ দিছপুৰলৈ এটা ৰিং ৰোড নিৰ্মাণ হ’ব। ২০৩০ চনলৈ কি কৰা হ’ব তাৰ বাবেও পৰিকল্পনা কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীক দক্ষিণ পূৱ এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলা হ’ব। আধুনিক অসম গঢ়াৰ বাবে প্ৰসৱ বেদনা সকলোৱে ল’ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। সমালোচনা কৰিলে সৃষ্টি অথবা আৰম্ভণি নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইখন সমৰ্পিত চৰকাৰ। দিনে-নিশাই ভাল-বেয়া কথা পান কৰি ৰাইজৰ মংগলৰ বাবে কাম কৰি যাব বুলিও তেওঁ কয়। আকাশ স্পৰ্শ কৰাৰ লক্ষ্যৰে এই চৰকাৰখনে কাম কৰি যাব। সমালোচনা কৰা ব্যক্তিৰ আত্মবিশ্বাসৰ অভাৱ বুলিও তেওঁ কয়। অসমৰ অৰুণোদয় আঁচনিৰ আদৰ্শৰে কৰ্ণাটক আৰু মধ্যপ্ৰদেশ চৰকাৰে এনে ধৰণৰ আঁচনি লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতৰ চিন্তা আৰু প্ৰযুক্তিৰ উৎস এদিন উত্তৰ পূবৰ পৰা হ’ব লাগিব। তেওঁ কয় যে অসমীয়াই ইচ্ছা কৰিলে বিশ্ব বিজয় কৰিব পাৰে। নীলাচল উৰণ সেতুৱে আত্মবিশ্বাস আৰু প্ৰযুক্তিৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাইছে। গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙে আধুনিক অসমৰ পৰিচয় বহন কৰিব বুলিও তেওঁ কয়। শ্রীশ্রী মা কামাখ্যা দেৱীৰ আশীৰ্বাদ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে এই দিগবিজয় যাত্রা আব্যাহত থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে সমর্পিত মনোভাৱেৰে অসমৰ উন্নয়নৰ বাবে আমি সকলোৱে কাম কৰিব লাগিব ৷

আজিৰ এই অনুষ্ঠানত চহৰ আৰু গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী অশোক সিংহল, সাংসদ কুইন ওজা, বিধায়কসকল ক্রমে অতুল বৰা, সিদ্ধার্থ ভট্টাচাৰ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, আৰক্ষী সঞ্চালক প্রধান জি পি সিং প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ

শীঘ্ৰে হিমন্ত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব এখন নতুন মুখ। বৰাকৰ...

G-20 বৈঠকত মুখামুখি হৈ বহিল ভাৰত-চীনৰ বিদেশ মন্ত্ৰী, ৪ বছৰীয়া অচলাৱস্থাৰ অৱসান

বৰফ গলিছে ভাৰত আৰু চীনৰ মাজত। সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ...

ৰাজস্থান ৰয়েলছৰ গৰাকী মনোজ বাদালেক ‘মিছন স্মাইল’ৰ আন্তৰ্জাতিক সন্মান

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান...

ওদালগুৰিৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠক অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাৰ

চৰকাৰী আঁচনিৰ সুবিধা সকলো যোগ্য হিতাধিকাৰীয়ে পোৱাটো সুনিশ্চিত কৰিবলৈ...