ফটুৱা পাৰ্টী প্ৰসংগক লৈ এইবাৰ ভৰত নৰহ বনাম ভৱেশ কলিতা

অসম জাতীয় পৰিষদক লৈ বিতৰ্কিত মন্তব্য জুবিন গাৰ্গৰ। জুবিনৰ মন্তব্যক লৈ ৰাজ্যৰ ৰাজনীতিত তুমূল চৰ্চা। প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতা ভৰত নৰহৰ। জুবিনে এনে কথা ক’লে শোভা নাপায়। জুবিনক সমালোচনা কৰাসকলক উভটি ধৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। জুবিনক আক্ৰমণ কৰিবলৈ সাহস পালে কেনেকৈ?

ছ’চিয়েল মিডিয়াত বিতৰ্ক প্ৰায় শেষ
কংগ্ৰেছ-বিজেপিয়েহে এৰিব খোজা নাই
ফটুৱা পাৰ্টী প্ৰসংগক লৈ এইবাৰ ভৰত নৰহ বনাম ভৱেশ কলিতা

জুবিনে কি কলে সেয়া ৰাজ্যবাসীয়ে শুনিলে। কিয় ক’লে তাৰ সঠিক বিশ্লেষণ সম্ভৱ নহয় যদিও বহুতে বিভিন্ন কথাৰে কঠোৰ সমালোচনা কৰিলে জুবিন গাৰ্গক। একালত নিজেই নতুন আঞ্চলিক দলৰ পোষকতা কৰা জুবিনৰ এতিয়া অসম জাতীয় পৰিষদক লৈ কিয় ক্ষোভ বুলি প্ৰশ্ন কৰিলে বহুতে। কোনো ব্যক্তিক নহয়। এইবাৰ আছুৰ পৰা গৈ ৰাজনীতিত ভৰি দিয়া লুৰিন নেতৃত্বাধীন অজাপক আক্ৰমণ জুবিনৰ। এজাহাৰ দাখিল হ’ল। জুবিনক বিজেপি নেতাই কোনোকালেই ইমান হয়তো সমৰ্থন কৰা নাই এইবাৰ যিমান কৰিছে। নাম নোলোৱাকৈ সমালোচনা কৰিলে লুৰিনজ্যোতি গগৈয়েও। এতিয়া যিজনে সমালোচনা কৰিছে সেইজন ব্যক্তিয়ে এসময়ত ফোন কৰি উৎসাহ দিছিল।

জুবিনৰ এই মন্তব্যত বিজেপি বিজেপি গোন্ধ পালে বহুতে। প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতা ভৰত নৰহৰ। জুবিন গাৰ্গৰ দৰে এজন প্ৰখ্যাত শিল্পীৰ মুখত কোনো দলক লৈয়ে এনে মন্তব্য শব্দ শোভা নাপায়।

জুবিনে এনে কথা ক’ব নালাগে। এইবাৰ জুবিনক সমালোচনা কৰাসকলক উভটি ধৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।
জুবিন উঠি অহা প্ৰজন্মৰ আত্মা
জুবিনক আক্ৰমণ কৰিবলৈ সাহস কৰিছে কোনে?
বিষয়টোক লৈ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ
‘এয়া ইচ্ছাকৃত’
‘জুবিনক কোনেও উচটনি দিয়া নাছিল’
তেওঁ এনে মন্তব্য কিয় কৰিলে? মন্তব্য জুবিনৰ। সেয়াও এটা বিৰোধী ৰাজনৈতিক দলক লৈ। চলিছে। চলি থকাটো বিচাৰিছে শাসকীয় দলে। চলাই ৰাখিছে বিৰোধীয়েও। কাৰণ অসমৰ ৰাজনীতিতটো এয়াই চলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...