এগৰাকী অভিনেত্ৰীয়ে ক্ৰয় কৰিলে নেকি সুশান্ত সিং ৰাজপুতৰ স্মৃতি বিজড়িত ফ্লেটটো?

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতে বাস কৰা ফ্লেটটোক লৈ বিভিন্ন সময়ত বিভিন্ন চৰ্চা চলি আহিছে। এই ফ্লেটটোৰ লগত অভিনেতাজনৰ বহু স্মৃতি জড়িত হৈ আছে। কিয়নো অভিনেতাজনে তেওঁৰ জীৱনৰ শেষৰ সময়খিনি এই ফ্লেটটোতে পাৰ কৰিছিল। শেহতীয়াকৈ এই ফ্লেটটো ক্ৰয় কৰিছে এগৰাকী মোহময়ী অভিনেত্ৰীয়ে।কিন্তু কোনে ক্ৰয় কৰিলে অভিনেতাজনৰ এই ফ্লেটটো? জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক এই প্ৰতিবেদন।

অভিনেতা সুশান্ত সিং ৰাজপুতৰ ফ্লেটটো বিক্ৰী কৰা হৈছে। অভিনেতাজনৰ এই ফ্লেটটো তেওঁৰ মৃত্যুৰ পাছৰ পৰাই খালী হৈ আছিল। তেখেতৰ মৃত্যুৰ পাছতেই এই ফ্লেটটোৰ দাম বৃদ্ধি কৰি দিয়া হৈছিল। শেহতীয়াকৈ এটা খবৰ পোহৰলৈ আহিছে, য’ত কোৱা হৈছে যে এই ফ্লেটটো ক্ৰয় কৰিছে মোহময়ী অভিনেত্ৰী আদাহ(ADAH SHARMA) শৰ্মাই।

আপুনি বাৰু জানেনে আদাহ শৰ্মা কোন?

আদাহ শৰ্মাই ‘দ্য কেৰালা ষ্টৰী’ নামৰ চিনেমাখনৰ জৰিয়তে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে। আদাহ শৰ্মা হৈছে চিনেমাখনৰ মুখ্য অভিনেত্ৰী। চিনেমাখনত অভিনয়ৰ পাছতেই চৰ্চাত আছে অভিনেত্ৰীগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...