মৃত্যুমুখৰ পৰা বাচি আহিল ৰাকেশ বেদী…

জীৱনলৈ যিকোনো মুহূৰ্ততে আহিব পাৰে ধুমুহা। কিন্তু প্ৰচণ্ড বা-মাৰলি আহিলও অন্ধকাৰৰ পিছত জোনাক নামেই। জীৱনত সন্মুখীন হোৱা এনে এক প্ৰেৰণাদায়ক কাহিনী জনপ্ৰিয় অভিনেতা ৰাকেশ বেদীয়ে সদৰি কৰিছে নিজৰ ইনষ্টাগ্ৰাম পোষ্টত। ভাইৰেল হৈ পৰা ভিডিঅ’ টোত তেওঁ বৰ্ণনা কৰিছে জীৱনত সন্মুখীন হোৱা কঠিন পৰিস্থিতিৰ বিষয়ে। কিছুদিন পূৰ্বে নিজৰ গন্তব্যস্থলীলৈ যোৱাৰ সময়তে হিমাচলৰ ভূমিস্খলনত আৱদ্ধ হৈ পৰিছিল। হঠাতে গাড়ীৰ সন্মুখত প্ৰকাণ্ড শিল বাগৰি পৰিছিল। লগে লগে বিপদৰ পৰা মুক্তি পাবলৈ শিলটো আঁতৰাবলৈ প্ৰাণেপণে চেষ্টা কৰিছিল। তেনে প্ৰয়াসৰ সময়তেই তেওঁৰ আঙুলিটো ভাঙি পৰে আৰু হেৰুৱাব লগীয়া হয় এটা আঙুলি। সেই পৰিস্থিতিৰ মাজতো তেওঁক প্ৰচণ্ড দুঃসাহস দিছিল নেদেখাজনে। তেখেতে এই কথা নিজেই উল্লেখ কৰি কয় যে “ভগৱানক বহুত বহুত ধন্যবাদ যে পাথৰটো মোৰ গাড়ীৰ ওপৰত নপৰিল। আঙুলিটোত যথেষ্ট আঘাত পালোঁ যদিও মই বাচি গলো। অন্যথা যিকোনো ঘটনা ঘটিলেহেঁতন।” ৰব, ৰব, ৰাকেশ বেদী কোন চিনি পাইছেনে? ৰাকেশ বেদী হৈছে TADAK MEHTA KA ULTA SASMA, BHABI JI GHAR PAR HAIৰ দৰে জনপ্ৰিয় শ্ব’ৰ অভিনেতা। নিজৰ দুৰ্দান্ত অভিনয় প্ৰতিভাৰ লগতে সামাজিক কাম-কাজৰ বাবেও প্ৰায়ে চৰ্চিত অভিনেতাজন।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...