কনজাংটিভাইটিছৰ প্ৰতিৰোধ কিদৰে কৰিব?

আপোনাৰ হাত দুখন চাবোন আৰু চেনিটাইজাৰেৰে সঘনাই পৰিষ্কাৰকৈ ধুব। সুৰক্ষামূলক চছমা পিন্ধিব/চকুযুৰি হাতেৰে মোহাৰি থকা বা স্পৰ্শ কৰাটো পৰিহাৰ কৰক।

পৰিষ্কাৰ পানীৰে আপোনাৰ চকুযুৰি ধুই পৰিষ্কাৰ কৰি ৰাখক ।

আক্রান্ত ব্যক্তিগৰাকীৰ টাৱেল, কমাল, বেডশিট আদি ব্যৱহাৰ কৰা পৰিহাৰ কৰক ।

যদি এই ৰোগৰ কোনো লক্ষণ থাকে তেন্তে চকুযুৰিত কোনোধৰণৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰিব। আপোনাৰ পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখক।

যদি সম্ভৱ, এই ৰোগৰ পৰা আৰোগ্য নোহোৱা পৰ্যন্ত জনসমাগম হোৱা ঠাই পৰিহাৰ কৰক আৰু সাঁতোৰাৰ পৰা আঁতৰি থাকক ।

কেতিয়াও নিজাববীয়াকৈ ঔষধ ব্যৱহাৰ বা ফাৰ্মাচীৰ গৰাকীয়ে দিয়া ঔষধৰ ওপৰত নিৰ্ভৰ নকৰিব ।

ভাইৰেল কনজাংটিভাইটিছত আক্রান্ত হ’লে ষ্টে’ৰইডযুক্ত চকুত দিয়া ঔষধ সম্পূৰ্ণৰূপে পৰিহাৰ কৰি চলিব।

NKTV Digital
Author: NKTV Digital

5 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...