সাৱধান! পানী বিক্ৰেতাৰ ৰূপত ৰে’লত হত্যাকাৰী

আপুনিও ৰে’লেৰে যাত্ৰা কৰে নেকি? ৰে’লযাত্ৰা কৰোঁতে পানী ক্ৰয় কৰি খায় নেকি? যদি খায় তেন্তে সাৱধান। যোৱা ১৬ আগষ্টত কামাখ্যা ষ্টেচনত এখন ৰে’লত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ। আৰক্ষীৰ অভিযানত জালত পৰিল হত্যাকাৰী। হত্যাকাৰীৰ যি স্বীকাৰোক্তি, শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব।

ৰে’লযাত্ৰা কৰে নেকি?
সাৱধান! পানী বিক্ৰেতাৰ ৰূপত ৰে’লত হত্যাকাৰী

যোৱা ১৬ আগষ্টত সংঘটিত হৈছিল এটা চাঞ্চল্যকৰ ঘটনা। গয়া-কামাখ্যা ৰে’লৰ বাথৰুমৰ বাহিৰত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ। তাকে লৈ হাহাকাৰ লাগিছিল কামাখ্য ৰেল ষ্টেচনত। আজাৰা পৰ্যন্ত ফোনত যোগাযোগ কৰি থকা মহিলাগৰাকীৰে হঠাত সংযোগ বিচ্ছিন্ন হৈ পৰে পৰিয়ালৰ। কামাখ্যা ষ্টেচনত উপস্থিত হোৱাৰ পাছত পৰিয়ালৰ লোকে ৰেলৰ ভিতৰতেই দেখা পায় মৃতদেহটো। মহিলাগৰাকীৰ মোবাইল, আঙঠি ইতিমধ্যে লৈ গৈছিল দুৰ্বৃত্তই। হাহাকাৰ পৰিয়ালৰ।
দুৰ্বৃত্তই হত্যা কৰিছিল পম্পী শৰ্মা হালৈ নামৰ মহিলাক
ন্যয়া দাবী কৰিলে পৰিয়ালে
ৰে’লযাত্ৰীৰ নিৰাপত্তাক লৈ প্ৰশ্ন
সেই ঘটনাই জোকাৰণিৰ সৃষ্টি কৰিছিল। তাৰ পাছতেই RPF-GRP-এ আৰম্ভ কৰে অভিযান। অৱশেষত জালত পৰিল এইটো।
হত্যাকাৰী দীপ দাস
চি চি টি ভিৰ ফুটেজ চাই চলা অভিযানত জালত পৰিল হত্যাকাৰীটো। আৰক্ষী আৰু কেমেৰাৰ সন্মুখত স্বীকাৰোক্তি হত্যাকাৰীৰ।
ময়েই মাৰিছিলো
ডিঙি চেপি মাৰিছিলো
মাৰি আঙঠি, মোবাইল আৰু পইছা লৈ গৈছিলো

ছীটতেই মাৰিছিলো, মাৰি মৃতদেহ বাথৰুমলৈ চোঁচৰাই নিছিলো। মৰি যোৱাৰ পাছত খুলি লৈছিলো আঙঠি। লৈ লৈছিলো মোবাইল আৰু ৫০০টকা। কামাখ্যা ষ্টেচনত নামি গুছি গুছিলো। ঘটনাৰ বৰ্ণনা হত্যাকাৰীৰ।

RPF-GRP-এ চলাইছে জেৰা। আৰু বহু চুৰি, ডকাইতিৰ ঘটনাত জড়িত থকাৰ সন্দেহ। এগৰাকী ভুক্তভোগীৰ তথ্য আহিছে পোহৰলৈ। হয়তো পোহৰলৈ আহিব আৰু ভয়ানক তথ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...