হঠাৎ হুলস্থুল লাগিল গোলাঘাটৰ থানা চাৰিআলিত

গোলাঘাটত হঠাত হুলস্থুল লাগিল। থানা চাৰিআলিৰ এখন দোকানত ঘুগুনি, পকৰি খাবলৈ সোমাল এজন বাবা। খাই বৈ বাবা যাবলৈ ওলাল। তেনেতে দোকানীয়ে ক’লে বাবা পইছা দিয়ক। সেইটোৱেই কাল। বাবাই ত্ৰিশূলেৰে আক্ৰমণ কৰিলে দোকানীজনক।

গোলাঘাটত হঠাত হুলস্থুল। যিসময়ত পৱিত্ৰ শাওন মাহ বুলি সকলো মগ্ন মহাদেৱৰ আৰাধনাত। সেইসময়তে গোলাঘাটত বাবাৰ বাবেই উত্তেজনা। এখন সৰু হোটেলত প্ৰৱেশ কৰি বাবাই ঘুগুণি খালে। ঘুগুণি খায়েই চিধাই বাট ল’লে বাবাই… দোকানীজনে ক’লে বাবা পইছা দিয়ক। সেইটোৱেই কাল হ’ল ব্যৱসায়ী উদ্ধৱ ডেকাৰ বাবে। ত্ৰিশূলেৰে দোকানীজনক বুকু-মূৰত খুঁচ মাৰিলে বাবাই।

তেজেৰে লুটুৰী-পুতুৰী হৈ থানা চাৰিআলিতেই দোকানীজন পৰি গ’ল। ইয়াৰ পাছতেই দৌৰাদৌৰি লাগিল। চিঞৰ-বাখৰ লগালে সকলোৱে। এওঁ ভণ্ড বাবা। প্ৰকৃত বাবাই এনে কাম নকৰে।

স্থানীয় লোকে খবৰ দিলে আৰক্ষীক। এওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

আৰক্ষীয়ে আটক কৰি লৈ গল বাবাক। ইপিনে মূৰ-বুকুত আঘাত পোৱা দোকানীজন বৰ্তমান চিকিতসাধীন। এই ঘটনাক লৈ বহুসময় ধৰি উত্তেজনা গোলাঘাটত।

গুৰুতৰভাৱে আহত উদ্ধৱ ডেকা। ঘটনা দেখি ততাতৈয়াকৈ উপস্থিত ৰাইজে খবৰ দিলে আৰক্ষী।ৰুদ্ৰমূৰ্তি ধৰা বাবাক ধৰি গোলাঘাট আৰক্ষীয়ে নিলে থানালৈ,আহত উদ্ধৱ ডেকাক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হ’ল গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। প্ৰখৰ দুপৰীয়া বাবৰ এই ৰুদ্ৰৰূপ দেখি অবাক উপস্থিত ৰাইজ। দাবী জনালে ভণ্ড বাবাক শাস্তি বিহাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...