মঙলদৈত ৰাষ্ট্ৰীয় বজৰংগ দলে কৰা কাণ্ডক লৈ জ্বলিছে ৰাজ্য

0 352

মঙলদৈত ৰাষ্ট্ৰীয় বজৰংগ দলে কৰা কাণ্ডক লৈ জ্বলিছে ৰাজ্য। চৌদিশে প্ৰতিক্ৰিয়া। ৰাজনৈতিক মহলতো ঘটনাটোক লৈ আৰম্ভ হৈছে বাক-বিতণ্ডা। একাংশ শাসকীয় দলৰ নেতাৰ পূৰ্ণ সমৰ্থন। তাৰ মাজতেই বিভিন্নজনে আক্ৰমণ কৰিছে চৰকাৰক। কঠোৰ ব্যৱস্থা ল’ব লাগে আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ লোৱাসকলৰ বিৰুদ্ধে। শাসকীয় দলৰ বিধায়কেই ক’লে মুখ্যমন্ত্ৰীয়ে মাদ্ৰাছা বন্ধ কৰিছে। এনে কাৰ্যৰ বিৰুদ্ধেও ব্যৱস্থা লওক।

ৰাজ্য জোকাৰি যোৱা এটা কাণ্ড মঙলদৈত। এনেকৈয়ে হাতেহাতে আগ্নেয়াস্ত্ৰ লৈ প্ৰশিক্ষণত ব্যস্ত হৈ পৰিল ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্য। অংশগ্ৰহণকাৰীৰ মতে এয়া আত্মৰক্ষাৰ প্ৰশিক্ষণ। কিন্তু উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে সফলতা অৰ্জন কৰা অসমত আত্মৰক্ষাৰ বাবে নিজৰ হাততেই অস্ত্ৰ তুলি লবলগীয়া পৰিস্থিতি হল কিয়। সন্দেহ বহুতৰ
আত্মৰক্ষাৰ বাবে নে আক্ৰমণৰ প্ৰশিক্ষণ এয়া?

এই ঘটনাক লৈ তোলপাৰ ৰাজ্য। এয়া গণতন্ত্ৰ আৰু দেশৰ আইন ব্যৱস্থাৰ লগতে ঐক্য-সংহতিৰ প্ৰতিও ভাবুকি বুলি সৰৱ হৈছে একাংশ। ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়া। এই অস্ত্ৰ প্ৰশিক্ষণৰ প্ৰতি পূৰ্ণ সমৰ্থন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। বৰুৱাই ক’লে ময়ো এনে প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছিলো। সাংবাদিককো আহ্বান জনালে জয়ন্ত মল্ল বৰুৱাই।
আপোনালোকেও এই প্ৰশিক্ষণ গ্ৰহণ কৰক

সমগ্ৰ ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমুজ্জ্বল ভট্টাচাৰ্যই ক’লে-
কবিতা লিখিলেই জে’ললৈ যোৱা ৰাজ্যত এয়া গ্ৰহণযোগ্য নহয়’
‘চৰকাৰ-প্ৰশাসনে ইয়াৰ ওপৰত ব্যৱস্থা লওক
‘আইন সকলোৰে বাবে একে হ’ব লাগে’
‘শিক্ষা অনুষ্ঠানেই নহয়, কোনো ঠাইতে এনে নহওক
এয়া কোন দেশৰ আইন?
প্ৰশ্ন সমুজ্জ্বল ভট্টাচাৰ্যৰ

অনুমতি লোৱা হৈছিল যোগ শিবিৰৰ
কৈছিল চৰ্চা হ’ব কৰ্মসংস্থাপন, নিচামুক্তি সমাজৰ
চলিল অস্ত্ৰ প্ৰশিক্ষণ…

গোটেই কাৰ্যসূচীৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ, জিলা প্ৰশাসনক বিপথে পৰিচালিত কৰা বুলি ক’লে মহৰ্ষি বিদ্যা মন্দিৰৰ স্বত্বাধিকাৰী জয়নাথ শৰ্মাই।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ভূপেন বৰাই। চৰকাৰক কঠোৰ সমালোচনা কৰি APCCৰ সভাপতিজনে ক’লে
ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা অক্ষুণ্ণ ৰখাত চৰকাৰ ব্যৰ্থ হৈছে।

এইবোৰ যে হৈ আছে। জুই যে জ্বলি আছে ভৱেশ কলিতাই হেনো নাজানেই। ঘটনা সন্দৰ্ভত কলিতাই ক’লে
এই বজৰং দলটো ৰাষ্ট্ৰীয় বজৰং দল আমাৰ লগত এওঁলোকৰ কোনো সম্পৰ্ক নাই। এই বজৰং দল বিশ্ব হিন্দু পৰিষদৰ নহয়। গতিকে ইহঁতে কি কৰি আছে আমি নাজানো।

হিন্দুত্ব ৰক্ষাৰ প্ৰসংগ, অস্ত্ৰ প্ৰশিক্ষণ। প্ৰতিক্ৰিয়া শিলাদিত্য দেৱৰ।
কোনো বেয়া কাম কৰা নাই তেওঁলোকে…

একেটা ঘটনাক লৈ সৰৱ বিজেপি বিধায়ক জিতু গোস্বামী। উগ্ৰ জাতীয়তাবাদ কেতিয়াও ভাৰতত নচলে। ‘ভাৰত এখন গণতান্ত্ৰিক দেশ’
‘মুখ্যমন্ত্ৰীয়ে মাদ্ৰাছা বন্ধ কৰিছে’
‘এনে বিদ্যালয়ৰ বিৰুদ্ধেও ব্যৱস্থা লওক’
‘অস্ত্ৰচালনা প্ৰশিক্ষণ কেতিয়াও সমৰ্থনযোগ্য নহয়

মঙলদৈৰ অস্ত্ৰচালনাই জ্বলাইছে ৰাজ্য। চৌদিশে প্ৰতিক্ৰিয়া। বহু কথা ভাবি ৰৈ আছে ৰাজ্যবাসী। আৰক্ষী-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব। শাস্তি বিহবনে নাই। কি প্ৰতিক্ৰিয়া হ’ব মুখ্যমন্ত্ৰীৰ। কাৰণ ভয়ানক কাণ্ড কৰিছে ৰাষ্ট্ৰীয় বজৰংগ দলে।

Leave A Reply

Your email address will not be published.