আপুনি মই সাধাৰণ বুলি ভবা ফিটকিৰিৰো আছে অসাধাৰণ গুণ

ফিটকিৰি ব্যৱহাৰ কৰি আমি বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰোঁ। ইয়াৰ ৰাসায়নিক নাম হৈছে পটেছিয়াম এলুমিনিয়াম ছালফেট। ফিটকিৰি হৈছে এণ্টিচেপ্টিক, এণ্টিবেক্টেৰিয়েল, এণ্টিইনফ্লিমেণ্টেৰি, এন্তি এজিং আদি গুণেৰে সমৃদ্ধ। আহক জানো আপুনি নজনা ফিটকিৰিৰ ১১টা গুণৰ বিষয়ে।

পানী বিশুদ্ধ কৰিবলৈ প্ৰাচীন কালৰে পৰা ফিটকিৰি ব্যৱহাৰ কৰি অহা হৈছে। তাৰ বাবে এটুকুৰা ফিটকিৰি পানীত তিয়াই ৰাখি সেই পানী চেকি খোৱা বা অন্য কামত ব্যৱহাৰ কৰিব পাৰি।

মুখত হোৱা শালমইনা কমাবলৈও ফিটকিৰি ব্যৱহাৰ কৰিব পাৰি। তাৰ বাবে ফিটকিৰি, মূলটানি মাটি আৰু পানী মিহলি মিশ্ৰণ তৈয়াৰ কৰি ২০ মিনিট মান সময় মুখত সানি পানীৰে ধুই দিব লাগে।

আপোনাৰ দাঁতৰ গুৰিৰ পৰা তেজ ওলাই নেকি? তেনেহ’লে পানীৰ সৈতে ১ চামুচ ফিটকিৰি আৰু দালচেনি গুড়ি মিহলাই এক মিশ্ৰণ তৈয়াৰ কৰি দাঁতৰ আলুত লগাওঁক। সপ্তাহত দুবাৰকৈ এই মিশ্ৰণ লগালে দাঁতৰ আলু শক্তিশালী হোৱাৰ লগতে দাঁতো উজ্বল হ’ব।

মুখৰ দুৰ্গন্ধ আঁতৰাবলৈ আপুনি দামী দামী মাউথ ফ্ৰেছনাৰ ব্যৱহাৰ কৰে নেকি? কম খৰচতে ফিটকিৰি ব্যৱহাৰ কৰি আপুনি কেনেদৰে মুখৰ বেয়া গোন্ধ আঁতৰ কৰিব পাৰে? তেনেহ’লে অৱলম্বন কৰক অতি সহজ এই উপায়। ইয়াৰ বাবে আপুনি অলপ ফিটকিৰিৰ লগত ক’লা নিমখ আৰু পানী মিহলি কৰি লৈ ২০ ছেকেণ্ড মান মুখত ৰাখি তাৰ পিছত পৰিষ্কাৰ পানীৰে মুখখন কুলু-কুলু কৰিব পাৰে।

মুখৰ উজ্বলতা বৃদ্ধিৰ বাবেও ফিটকিৰি ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে সামান্য ফিটকিৰি মুখমণ্ডলত ঘঁহি ২ মিনিটমান সময় ৰাখি থ’ব লাগে আৰু তাৰ পিছত পৰিষ্কাৰ পানীৰে মুখখন ধুই দিব লাগে। বৰ্তমানৰ প্ৰচণ্ড গৰমত গাৰ পৰা ওলোৱা ঘামৰ দুৰ্গন্ধ আঁতৰাবলৈও গা ধোৱা পানীত ফিটকিৰি মিহলাই পৰিত্ৰাণ পাব পাৰে। এই পানীৰে চুলি ধুলে উফি আৰু ওকণিৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰি।

আমি সাধাৰণ বুলি ভবা ফিটকিৰিৰ কিমান উপকাৰ আছে জানিলেনে? কম খৰচতে এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ দিব পৰা ফিটকিৰি সঁচাকৈয়ে উপকাৰী। দৈনন্দিক সন্মুখীন হোৱা বিবিধ সমস্যাৰ পৰা দূৰত থাকিবৰ বাবে এইবোৰ পদ্ধতি আপুনিও ব্যৱহাৰ কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...