তৈল খেজুৰ কি, অসমত ইয়াৰ সম্ভাৱনা কিমান? লখিমপুৰ জিলাত কিয় প্ৰশাসনে দিছে বিশেষ গুৰুত্ব?

লখিমপুৰ জিলাৰ বগীনদী গাঁও পঞ্চায়তৰ অন্তৰ্গত খেকেৰাগুৰি গাঁৱত ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান- তৈল খেজুৰ আঁচনিৰ অধীনত তৈল খেজুৰৰ পুলি আনুষ্ঠানিক ভাৱে ৰোপণ কৰে জিলা আয়ুক্ত সুমিত সত্তাৱনে।

কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ সফল কাৰ্যকৰীকৰণৰ জৰিয়তে ভাৰতবৰ্ষই ভোজ্য তেলৰ উৎপাদনত স্ব-নিৰ্ভৰশীল হোৱাৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ পৰা ভোজ্য তেলৰ আমদানি হ্ৰাস কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। সেই অনুসৰি, অসম চৰকাৰেও এই আঁচনিখনৰ অধীনত ৰাজ্যত ইয়াৰ উৎপাদনৰ এলেকা সম্প্ৰসাৰণ তথা তেলৰ উৎপাদন বৃদ্ধিৰ জৰিয়তে কৃষকৰ কল্যাণৰ দিশটোত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।এই আচঁনিৰ অধীনত অসমত মুঠতে ২ লাখ হেক্টৰ কৃষিভূমিত অইল পামৰ খেতি কৰিবলৈ নিৰ্ধাৰণ কৰা হৈছে আৰু এই লক্ষ্যত উপনীত হ’বলৈ অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

উল্লেখ্য যে, বৰ্তমান দেশে ৬০-৭০ শতাংশ খোৱা তেল আমদানি কৰি আছে। আৰু তাৰ ভিতৰত পাম অইল প্ৰধান। সেয়েহে দেশৰ বিভিন্ন ঠাইত থকা অব্যৱহৃত বা পতিত মাটিত এই তৈল খেজুৰৰ খেতিৰ সম্প্ৰসাৰণ কৰি খোৱা তেল উৎপাদনৰ ক্ষেত্ৰত দেশখনক স্বাৱলম্বী কৰি তুলিবলৈ ভাৰত চৰকাৰে এই বিশেষ আঁচনিখন ২০২১ চনৰ আগষ্ট মাহত মুকলি কৰে। উত্তৰ-পূৱৰ ৰাজ্য কেইখনকে ধৰি মুঠ ২২ খন ৰাজ্যত এই আঁচনি ৰূপায়ন কৰিবলৈ লোৱা হৈছে।

যিহেতু অইল পাম অসমৰ কৃষকৰ বাবে একেবাৰে নতুন শস্য, ইয়াৰ পুলি অসমত উপলব্ধ নহয়, সেয়েহে চৰকাৰে নিবিদা যোগে অভিজ্ঞ অইল পাম কোম্পানী বাচনি কৰি তেওঁলোকক আচঁনি ৰূপায়ণ সহযোগী হিচাপে নিয়োগ কৰিছে। এই হিচাপত লখিমপুৰ জিলাৰ দায়িত্বত আছে থ্ৰী এফ অইল পাম।

জিলা পৰ্য্যায়ত আঁচনি ৰূপায়ণ তথা নিৰীক্ষণৰ বাবে জিলা উপায়ুক্তৰ অধ্যক্ষতাত এখন Project Management Team গঠন কৰা হৈছে। এই সমিতিয়ে কৃষক হিতাধিকাৰি বাছনিৰ পৰা আৰম্ভ কৰি, ৰাজসাহায্য, প্ৰদানলৈকে সকলো কাৰ্য্য নিৰীক্ষণ কৰিব। ইচ্ছুক কৃষকসকলে জিলা কৃষি বিষয়াৰ লগত যোগাযোগ কৰি এই আঁচনিৰ অন্তৰ্ভুক্ত হ’ব পাৰিব।

এই অনুষ্ঠানত জিলা কৃষি বিষয়া ভৱজিত দলে, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ঘনশ্যাম দত্ত, ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি, আঁচনিৰ সফল ৰূপায়ণৰ বাবে জিলাৰ দায়িত্বত থকা 3F Oil palm pvt limited-ৰ বিষয়ববীয়াৰ লগতে সংশ্লিষ্ট কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া প্ৰমুখ্যে কৃষি বিভাগৰ আন আন বিষয়া- কৰ্মচাৰীসকল উপস্থিত থাকে। আজিৰ এই বৃক্ষৰোপণ কাৰ্যসূচীত দুই শতাধিক কৃষকে অংশগ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...