হঠাৎ হুলস্থুল লাগিল গোলাঘাটৰ থানা চাৰিআলিত

গোলাঘাটত হঠাত হুলস্থুল লাগিল। থানা চাৰিআলিৰ এখন দোকানত ঘুগুনি, পকৰি খাবলৈ সোমাল এজন বাবা। খাই বৈ বাবা যাবলৈ ওলাল। তেনেতে দোকানীয়ে ক’লে বাবা পইছা দিয়ক। সেইটোৱেই কাল। বাবাই ত্ৰিশূলেৰে আক্ৰমণ কৰিলে দোকানীজনক।

গোলাঘাটত হঠাত হুলস্থুল। যিসময়ত পৱিত্ৰ শাওন মাহ বুলি সকলো মগ্ন মহাদেৱৰ আৰাধনাত। সেইসময়তে গোলাঘাটত বাবাৰ বাবেই উত্তেজনা। এখন সৰু হোটেলত প্ৰৱেশ কৰি বাবাই ঘুগুণি খালে। ঘুগুণি খায়েই চিধাই বাট ল’লে বাবাই… দোকানীজনে ক’লে বাবা পইছা দিয়ক। সেইটোৱেই কাল হ’ল ব্যৱসায়ী উদ্ধৱ ডেকাৰ বাবে। ত্ৰিশূলেৰে দোকানীজনক বুকু-মূৰত খুঁচ মাৰিলে বাবাই।

তেজেৰে লুটুৰী-পুতুৰী হৈ থানা চাৰিআলিতেই দোকানীজন পৰি গ’ল। ইয়াৰ পাছতেই দৌৰাদৌৰি লাগিল। চিঞৰ-বাখৰ লগালে সকলোৱে। এওঁ ভণ্ড বাবা। প্ৰকৃত বাবাই এনে কাম নকৰে।

স্থানীয় লোকে খবৰ দিলে আৰক্ষীক। এওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

আৰক্ষীয়ে আটক কৰি লৈ গল বাবাক। ইপিনে মূৰ-বুকুত আঘাত পোৱা দোকানীজন বৰ্তমান চিকিতসাধীন। এই ঘটনাক লৈ বহুসময় ধৰি উত্তেজনা গোলাঘাটত।

গুৰুতৰভাৱে আহত উদ্ধৱ ডেকা। ঘটনা দেখি ততাতৈয়াকৈ উপস্থিত ৰাইজে খবৰ দিলে আৰক্ষী।ৰুদ্ৰমূৰ্তি ধৰা বাবাক ধৰি গোলাঘাট আৰক্ষীয়ে নিলে থানালৈ,আহত উদ্ধৱ ডেকাক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হ’ল গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। প্ৰখৰ দুপৰীয়া বাবৰ এই ৰুদ্ৰৰূপ দেখি অবাক উপস্থিত ৰাইজ। দাবী জনালে ভণ্ড বাবাক শাস্তি বিহাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...