মুখ্যমন্ত্ৰীৰ কঠোৰতাকো কেৰেপে নকৰে একাংশ বিষয়াই

কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ঘোচ লৈ জালত পৰিছে ইজনৰ পাছত সিজন বিষয়া। হাত দাঙিছে এজনৰ পাছত আনজনে। কিন্তু ইয়াৰ পাছতো শিক্ষা লোৱা নাই একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে। হাইলাকান্দিত ৰেশম বিভাগৰ কাৰ্যালয়ত দুৰ্নীতিৰ বেহা। পেঞ্চন মুকলি কৰিবলৈ যোৱা লোকৰ পৰা বিষয়াই ল’লে ঘোচ। মোবাইলৰ কেমেৰাত বন্দী হৈ ৰ’ল সমগ্ৰ দৃশ্য।

হাইলাকান্দিৰ ৰেচম বিভাগৰ কাৰ্যালয়লৈ পেঞ্চনৰ কাম লৈ আহিলে টেনচন পোৱাটো নিশ্চিত। কাৰণ কেতিয়া কোনো আহিব, কেতিয়া কেনেকৈ ঘোচ লব পাৰিব সেই আশাতেই ৰৈ থাকে এই কাৰ্যালয়ৰ একাংশ বিষয়া। তাৰেই প্ৰমাণ এয়া। শেহতীয়াকৈ হাইলাকান্দিত ব্যাপক ৰূপত ভাইৰেল হৈছে এই ভিডিঅ। ভিডিঅটোত এওঁ ৰেশম বিভাগৰ এ ডি এছ নৱ কুমাৰ শৰ্মা। ধন নাপালে এওঁৰ টেবুলৰ পৰা ফাইল নলৰে। ধন নাপালে এওঁ কোনো ফাইলত চহী নকৰে। কাম যদি কৰোৱাব লাগে ঘোচ দিবই লাগিব।

যোৱা প্ৰায় ৫ বছৰ ধৰি পিতৃৰ পেঞ্চনৰ বাবে ৰেচম বিভাগৰ কাৰ্যালয়লৈ তাঁতবাতি কৰিছে এই যুৱকজনে। কিন্তু কাম হোৱা নাই। পাছত এওঁ গম পালে ধন নিদিলে এইটো কাৰ্যালয়ত কোনো কাম নহয়। কথা পাতিলে এ ডি এছৰ লগত। হয়। খোচ দিব লাগে। পেঞ্চনৰ কামটোৰ বাবে নৱ কুমাৰ শৰ্মাই এওঁৰ পৰা বিচাৰিলে ৩০ হাজাৰ টকা। ১০ হাজাৰ টকা আগধন হিচাপে দিব লাগে আৰু বাকী ২০ হাজাৰ টকা কাম হৈ যোৱাৰ পাছত। তাৰে ৭হাজাৰ টকা টকা এওঁ দিলে। পাছৰ ৩ হাজাৰ টকা দিবলৈ আহোঁতে এওঁ সমগ্ৰ দৃশ্য বন্দী কৰিলে মোবাইলৰ কেমেৰাত।

হাইলাকান্দিত ভাইৰেল হৈ পৰিল এই ভিডিঅ। তাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া। বহু বছৰ ধৰি এইজন নৱ কুমাৰ শৰ্মাই কাম কৰি আছে হাইলাকান্দিৰ ৰেশম বিভাগৰ কাৰ্যালয়ত। এখন মুকলি বজাৰ পাতিছে এওঁ। কিমা কাম আছে। হৈ যাব। ঘোচ দিয়ক। কিন্তু অৱশেষত শৰ্মা ধৰা পৰিল। এতিয়া নৱ কুমাৰ শৰ্মাক কঠোৰ শাস্তি প্ৰদানৰ দাবী উঠিছে সৰ্বত্ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...