লাইভ ৰব’টিক অস্ত্ৰোপ্ৰচাৰত সফল অসমৰ শৈল্য চিকিৎসক ডা০ সুভাষ খান্না

গুৱাহাটী, ১২ জুন, NKTV: অসমৰ শৈল্য চিকিৎসক ডা০ সুভাষ খান্নাই শুকুৰবাৰে এটা ৱেবিনাৰত সফলভাৱে লাইভ ৰব’টিক অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ সক্ষম হৈছে। ডা০ সুভাষ খান্নাই ৬০ খন দেশৰ মুঠ ২৫০ জন শৈল্য চিকিৎসকৰ উপস্থিতিত এই লাইভ ৰব’টিক অস্ত্ৰোপ্ৰচাৰটো সম্পন্ন কৰে। এই ৰব’টিক অস্ত্ৰোপ্ৰচাৰটোৰ সময়ত USA,RUSSIA,SPAIN আৰু বাংলাদেশৰ শৈল্য চিকিৎসকো উপস্থিত থাকে। ৱেবিনাৰখনত ডা০ সুভাষ খান্নায়ে চাৰ্জাৰিটোৰ লগত জড়িত বিভিন্ন সন্দেহ দূৰ কৰিবলৈ উত্তৰ দিয়াও পৰিলক্ষিত হয়। এই সফল অস্ত্ৰোপ্ৰচাৰটো সম্পন্ন কৰাৰ বাবে তেওঁক প্ৰশংসাও কৰা হৈছে। ৱেবিনাৰ খনত ডা০ খান্নায়ে ‘VERSIUS’ৰবটৰ জৰিয়তে এগৰাকী মহিলাৰ গল ব্লাডাৰৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰে। ২০২০ বৰ্ষত ক্ৰয় কৰা এই ‘VERSIUS’ৰবটৰ জৰিয়তে এতিয়ালৈ মুঠ ১১০ টা সফল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰা হৈছে। এই ৰবটৰ জৰিয়তে ৩ৰ পৰা ১০ মিটাৰ নিলগতো অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰিব পৰা যায়। বৰ্তমান সমগ্ৰ দেশতে মুঠ ১২ টা’VERSIUS’ৰবট আছে। ইয়াৰে প্ৰথমটো পুনেত, দ্বিতীয়টো নাছিক আৰু তৃতীয়টো গুৱাহাটীৰ স্বাগত হাস্পতালে ক্ৰয় কৰিছিল। প্ৰতিটো ৰবটৰ বিপৰীতে ২০ কোটি টকা ব্যয় সাপেক্ষে UKস্থিত কেম্ব্ৰিজ মেডিকেল ৰবটিক, চাৰ্জিকেল (চিএমআৰ)ৰ পৰা ‘VERSIUS’ৰবট ক্ৰয় কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...