জিপেটত উজলিল নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী

প্ৰতি বছৰৰ দৰে এইবাৰো অব্যাহত আছে সৰ্বভাৰতীয় পৰীক্ষা জিপেটত মিৰ্জাস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীৰ সফলতা। এইবছৰ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানটোৰ অন্তৰ্গত নেটিজ ইনষ্টিটিউট অৱ ফাৰ্মাচিওটিকেল চায়েন্সৰ ১০ গৰাকী ছাত্ৰ – ছাত্ৰীয়ে এই গুৰুত্বপূৰ্ণ সৰ্ব্বভাৰতীয় পৰীক্ষাত স্থান লাভ কৰিছে। উল্লেখ্য যে, যোৱা ৩/৪ বছৰত প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থীয়ে কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ অধীনৰ এই পৰীক্ষাত ধাৰাবাহিকভাৱে স্থান লাভ কৰি ৰাজ্যখনৰ শিক্ষাখণ্ডলৈ বিশেষ বাৰ্তা কঢ়িয়াই আনিছে। প্ৰতিষ্ঠানটোৱে আয়োজন কৰা এক বিশেষ সম্বৰ্ধনা সভাত সফলতা লাভ কৰা এইসকল শিক্ষাৰ্থীক অৰুণাচল প্ৰদেশৰ বহনক্ষম উন্নয়ন আৰু জৈৱ সম্পদ উৎকৰ্ষতা কেন্দ্ৰৰ বিশিষ্ট বিজ্ঞানী আমপি তাৰিং আৰু বিহাৰৰ কিষাণগঞ্জস্থিত মাতা গুজৰী চিকিৎসা মহবিদ্যালয়ৰ অধ্যক্ষ সৌমেন্দু দেৱ ৰয়ে সম্বৰ্ধনা জনায়। আশা কৰা হৈছে যে, নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ এই সফলতাই সকলো ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰে। এইবাৰৰ জিপেট পৰীক্ষাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকল হ’ল- শিৱানী তালুকদাৰ,আব্দুল ইছলাম, সিদ্ধাৰ্থ এছ দাস, উইলিয়াম বড়ো, পল্লৱী পৰাশৰ, আশ্মৃত বৰা, ৰনাল্ডী ৰংবেট, ৰিংগাম গিবো, আৰয়ান পাটগিৰী আৰু ৰিলায়েবলষ্ট’ন আৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...