মানৱ নে দানৱ ! পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে কাটিলে পত্নীৰ নাক। কটা নাক জেপত লৈ পলাল স্বামী।

দিনক দিনে বাঢ়ি গৈছে পৰকীয়া প্ৰেমৰ ঘটনা। তাৰ সমান্তৰালকৈ বাঢ়ি গৈছে মানুহৰ নৃশংসতা। প্ৰতিদিনেই পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হৈছে ইটোৰ পাছত সিটোকৈ নৃশংস ঘটনা। এইবাৰ লখিমপুৰত সংঘটিত হৈছে তেনে এক চাঞ্চল্যকৰ ঘটনা। য’ত পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে কাটিলে পত্নীৰ নাক।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লখিমপুৰত । য’ত এজন স্বামীয়ে নিজৰ প্ৰেমিকাৰ কাৰণে কাটিলে পত্নীৰ নাক। তাৰ পাছত কটা নাকতো জেপত লৈ পলায়ন কৰে স্বামীয়ে। পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিক্ৰম নামৰ স্বামীজনক। বৰ্তমান ৰঙা ঘৰৰ আলহী বিক্ৰম। আনফালে চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হয় মহিলাগৰাকীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...