ডাকঘৰত ধন জমা ৰাখে নেকি আপুনি ? যদি ৰাখে, সাৱধান হওঁক।

আপুনিও বাৰু ডাকঘৰত ধন জমা ৰাখে নেকি ? যদি ৰাখে, সাৱধান হওঁক। কিয়নো যিকোনো সময়তে আপোনাৰ একাউণ্টৰ পৰা নাইকিয়া হ’ব পাৰে ধন। হয়, এইবাৰ তেনে এক ঘটনাই সংঘটিত হৈছে এইখন অসমত। নাজিৰাৰ গেলেকী ডাকঘৰত সংঘটিত হৈছে আচৰিত ঘটনা। ৰহস্যজনকভাৱে হেৰাইছে গ্ৰাহকৰ লাখ লাখ ধন। গ্ৰাহকসকলে নিজৰ পাছবুক আপডেট কৰাৰ পাছতে পোহৰলৈ আহে এই ঘটনা। ফিক্সড ডিপ’জিট আৰু কিষান বিকাশ পত্ৰৰ ধনো হেৰাইছে গ্ৰাহকৰ একাউন্টৰ পৰা। উল্লেখ্য যে, ডাকঘৰটোৰ পিয়ন নিৰ্মল শইকীয়াই অতি কৌশলেৰে এই সমগ্ৰ টকা আত্মাসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাহক সকলে। ঘটনা সন্দৰ্ভত গেলেকী থানাত দাখিল কৰিছে এজাহাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...