ডাকঘৰত ধন জমা ৰাখে নেকি আপুনি ? যদি ৰাখে, সাৱধান হওঁক।

আপুনিও বাৰু ডাকঘৰত ধন জমা ৰাখে নেকি ? যদি ৰাখে, সাৱধান হওঁক। কিয়নো যিকোনো সময়তে আপোনাৰ একাউণ্টৰ পৰা নাইকিয়া হ’ব পাৰে ধন। হয়, এইবাৰ তেনে এক ঘটনাই সংঘটিত হৈছে এইখন অসমত। নাজিৰাৰ গেলেকী ডাকঘৰত সংঘটিত হৈছে আচৰিত ঘটনা। ৰহস্যজনকভাৱে হেৰাইছে গ্ৰাহকৰ লাখ লাখ ধন। গ্ৰাহকসকলে নিজৰ পাছবুক আপডেট কৰাৰ পাছতে পোহৰলৈ আহে এই ঘটনা। ফিক্সড ডিপ’জিট আৰু কিষান বিকাশ পত্ৰৰ ধনো হেৰাইছে গ্ৰাহকৰ একাউন্টৰ পৰা। উল্লেখ্য যে, ডাকঘৰটোৰ পিয়ন নিৰ্মল শইকীয়াই অতি কৌশলেৰে এই সমগ্ৰ টকা আত্মাসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাহক সকলে। ঘটনা সন্দৰ্ভত গেলেকী থানাত দাখিল কৰিছে এজাহাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...