আজিয়েই পৰিশোধ কৰক আপোনাৰ বকেয়া যান-বাহন কৰ

মাজত মাত্ৰ এটা দিন। আজিয়েই পৰিশোধ কৰক আপোনাৰ বকেয়া যান-বাহন কৰ। যান-বাহন কৰ পৰিশোধ কৰিবলৈ পৰিবহণ বিভাগে ধৰি দিছে ৩০ জুনৰ শেষ সীমা। পহিলা জুলাইৰ পৰাই কৰ নিদিয়া বাহনৰ বিৰুদ্ধে চলিব পৰিবহণ বিভাগৰ তীব্ৰ অভিযান। কৰ পৰিশোধ নকৰা বাহন দেখা মাত্ৰেই জব্দ কৰিব পৰিবহণ বিভাগে। কৰ অনাদায়ৰ বাহনৰ গৰাকীয়ে ভৰিব লাগিব বৃহৎ অংকৰ জৰিমনা। কেৱল মাত্ৰ কামৰূপ মহানগৰ জিলাতে ৰাইজে এতিয়াও পৰিশোধ কৰিবলৈ বাকী আছে ১০০ কোটিৰো অধিক টকাৰ যান–বাহন কৰ। বহু নিৰ্মাণকাৰী প্ৰতিষ্ঠান, ট্ৰেভেল এজেন্সীয়ে পৰিবহণ বিভাগক দিবলৈ আছে কোটি কোটি টকাৰ কৰ। কেইবা লাখ টকাও কৰ দিবলৈ আছে বহু বিলাসী বাহনৰ গৰাকীয়ে। সকলোকে ৩০ জুনৰ ভিতৰত বকেয়া কৰ আদায় দিবলৈ অনুৰোধ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ। অন্যথা ১ জুলাইৰ পৰা ৰাজপথত চলাব নোৱাৰিব কৰ অনাদায়ী বাহন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...