সুস্থ হৈ থাকিব বিচাৰে যদি একেলগে গ্ৰহণ নকৰিব এইসমূহ খাদ্য

বৰ্তমান সময়ত প্ৰতিজন মানুহেই এটা সুস্থ শৰীৰ বিচাৰে। এটা সুস্থ শৰীৰৰ বাবে প্ৰতিগৰাকী মানুহেই বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰি আহিছে। প্ৰতিবিধ খাদ্যৰে নিজৰ নিজৰ সোৱাদ তথা বিশেষত্ব থাকে। কিন্তু আপুনি বাৰু জানেনে কিছুমান খাদ্য কিছুমান খাদ্যৰ লগত একেলগে গ্ৰহণ কৰা উচিত নহয়। ইয়াৰ পৰা আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। আজি আমি আপোনাক কি কি খাদ্য একেলগে খোৱা অনুচিত সেইবিষয়ে সবিশেষ জনাম।

চাহ আৰু ভাত : আপুনিও বাৰু ভাত খোৱাৰ পাছত চাহ খায় ভাল পায় নেকি যদি পায় তেন্তে সাৱধান হওঁক। কিয়নো ই আপোনাৰ খাদ্য হজম হোৱাত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপুনি এতিয়াৰে পৰা ভাত খোৱাৰ পাছত কেতিয়াও খাদ্য গ্ৰহণ নকৰিব।

মাছ আৰু দৈ : যদি আপুনি সদায় সুস্থ হৈ থাকিব বিচাৰে তেন্তে কেতিয়াও মাছ আৰু দৈ একেলগে নাখাব। কাৰণ মাছ গৰম হয় আৰু দৈ সদায় ঠাণ্ডা হয়। দুয়োটাকে যদি একেলগে গ্ৰহণ কৰা হয় তেতিয়া পেটৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে সদায় সুস্থ হৈ থাকিবলৈ কেতিয়াও মাছ আৰু দৈ একেলগে গ্ৰহণ নকৰিব।

গাখীৰ আৰু ফল-মূল : গাখীৰ আৰু ফল-মূলো কেতিয়াও একেলগে গ্ৰহণ কৰিব নালাগে। কিয়নো গাখীৰত থকা কেলচিয়ামে ফলত থকা পোষক তত্ব সমূহ শুহি পেলাই। ফলত শৰীৰে ফলত থকা পোষক তত্ব সমূহ নাপায়।

ফাষ্ট ফুড আৰু ক’ল্ড ড্ৰিংকচ : পিজ্জা, চাওমিন, বাৰ্গাৰ আদি ফাষ্ট ফুডৰ লগত কেতিয়াও ক’ল্ড ড্ৰিংকচ গ্ৰহণ কৰিব নালাগে। কিয়নো ফাষ্ট ফুড গৰম খাদ্য আৰু ক’ল্ড ড্ৰিংকচ ঠাণ্ডা খাদ্য হয়। দুয়োটাকে যদি একেলগে গ্ৰহণ কৰা হয় তেতিয়া পেটৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে সদায় সুস্থ হৈ থাকিবলৈ কেতিয়াও ফাষ্ট ফুড আৰু ক’ল্ড ড্ৰিংকচ একেলগে নাখাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...