অনিদ্ৰাত ভুগিছে ? আপুনিও কৰিছে নেকি এইসমূহ ভূল ?

আমাৰ স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্ৰত টোপনিয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। স্বাস্থ্য আৰু টোপনি যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। স্বাস্থ্য ভালে ৰাখিবলৈ ভালদৰে টোপনি যোৱাটো অতি আৱশ্যক। টোপনি নহা অথবা অনিদ্ৰাৰ বাবে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ হোৱা দেখা যায়। এনেকুৱা কিছুমান খাদ্য আছে যিয়ে আপোনাৰ অনিদ্ৰা সমস্যা সৃষ্টি কৰিব পাৰে।

আমাৰ সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ টোপনিয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিশেষজ্ঞ সকলৰ মতে প্ৰতিগৰাকী ব্যক্তিয়ে দৈনিক ৭-৮ ঘণ্টা টোপনি মাৰিব লাগে। এনেকুৱা বহু ব্যক্তি আছে যিয়ে ৰাতি অনিদ্ৰা সমস্যাৰ সন্মুখীন হয়। আপুনিও এই সমস্যাত ভুগি আছে নেকি ? তেন্তে আমি দিম ইয়াৰ সমাধান। আপুনি বাৰু জানেনে, এনেকুৱা কিছুমান কাম আছে যিবোৰ ৰাতি শোৱাৰ আগত কৰিলে আমাৰ অনিদ্ৰাৰ দৰে সমস্যা হ’ব পাৰে। আজি আমি আপোনালোকক সেই খাদ্যসমূহৰ বিষয়ে সবিশেষ জনাম।

অতিমাত্ৰা ভোজন : যদি আপুনি নিশাৰ ভাগত অতিমাত্ৰা ভোজন কৰে তেন্তে এতিয়াৰ পৰা এই অভ্যাস এৰাই চলক। নিশা অতিমাত্ৰা ভোজন কৰিলে সেই খাদ্যবস্তু হজম হোৱাত বাধা আহি পৰে। ই অনিদ্ৰাৰ সমস্যা সৃষ্টি কৰাৰ লগতে পেটৰো বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ভোজন আৰু শোৱাৰ ব্যৱধান : আপুনি নিশ্চয় এটা কথা শুনিছে যে নিশাৰ আহাৰ সোনকালে গ্ৰহণ কৰিব লাগে। কিন্তু কিয় জানেনে ? নিশাৰ সময়ত আমাৰ হজম প্ৰক্ৰিয়া মন্থৰ হয়। ফলত আহাৰ গ্ৰহণ কৰিয়েই শুবলৈ গ’লে গেছৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। যাৰ বাবে অনিদ্ৰাৰ দৰে সমস্যাৰ সৃষ্টি হয়। সেইবাবে নিশা শুবলৈ যোৱাৰ ২ ঘণ্টাৰ পূৰ্বেই খাদ্য গ্ৰহণ কৰিব লাগে।

মাদক দ্ৰব্য সেৱন : এলক’হলো অনিদ্ৰাৰ এটা কাৰণ হ’ব পাৰে। আপুনি যদি অনিদ্ৰাৰ দৰে সমস্যাত ভুগিছে তেন্তে বন্ধ কৰক মাদক দ্ৰব্যৰ সেৱন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...