অনিদ্ৰাত ভুগিছে ? আপুনিও কৰিছে নেকি এইসমূহ ভূল ?

আমাৰ স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্ৰত টোপনিয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। স্বাস্থ্য আৰু টোপনি যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। স্বাস্থ্য ভালে ৰাখিবলৈ ভালদৰে টোপনি যোৱাটো অতি আৱশ্যক। টোপনি নহা অথবা অনিদ্ৰাৰ বাবে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ হোৱা দেখা যায়। এনেকুৱা কিছুমান খাদ্য আছে যিয়ে আপোনাৰ অনিদ্ৰা সমস্যা সৃষ্টি কৰিব পাৰে।

আমাৰ সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ টোপনিয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিশেষজ্ঞ সকলৰ মতে প্ৰতিগৰাকী ব্যক্তিয়ে দৈনিক ৭-৮ ঘণ্টা টোপনি মাৰিব লাগে। এনেকুৱা বহু ব্যক্তি আছে যিয়ে ৰাতি অনিদ্ৰা সমস্যাৰ সন্মুখীন হয়। আপুনিও এই সমস্যাত ভুগি আছে নেকি ? তেন্তে আমি দিম ইয়াৰ সমাধান। আপুনি বাৰু জানেনে, এনেকুৱা কিছুমান কাম আছে যিবোৰ ৰাতি শোৱাৰ আগত কৰিলে আমাৰ অনিদ্ৰাৰ দৰে সমস্যা হ’ব পাৰে। আজি আমি আপোনালোকক সেই খাদ্যসমূহৰ বিষয়ে সবিশেষ জনাম।

অতিমাত্ৰা ভোজন : যদি আপুনি নিশাৰ ভাগত অতিমাত্ৰা ভোজন কৰে তেন্তে এতিয়াৰ পৰা এই অভ্যাস এৰাই চলক। নিশা অতিমাত্ৰা ভোজন কৰিলে সেই খাদ্যবস্তু হজম হোৱাত বাধা আহি পৰে। ই অনিদ্ৰাৰ সমস্যা সৃষ্টি কৰাৰ লগতে পেটৰো বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ভোজন আৰু শোৱাৰ ব্যৱধান : আপুনি নিশ্চয় এটা কথা শুনিছে যে নিশাৰ আহাৰ সোনকালে গ্ৰহণ কৰিব লাগে। কিন্তু কিয় জানেনে ? নিশাৰ সময়ত আমাৰ হজম প্ৰক্ৰিয়া মন্থৰ হয়। ফলত আহাৰ গ্ৰহণ কৰিয়েই শুবলৈ গ’লে গেছৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। যাৰ বাবে অনিদ্ৰাৰ দৰে সমস্যাৰ সৃষ্টি হয়। সেইবাবে নিশা শুবলৈ যোৱাৰ ২ ঘণ্টাৰ পূৰ্বেই খাদ্য গ্ৰহণ কৰিব লাগে।

মাদক দ্ৰব্য সেৱন : এলক’হলো অনিদ্ৰাৰ এটা কাৰণ হ’ব পাৰে। আপুনি যদি অনিদ্ৰাৰ দৰে সমস্যাত ভুগিছে তেন্তে বন্ধ কৰক মাদক দ্ৰব্যৰ সেৱন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...