এইবাৰ বাগৰি পৰিল কেৰাচিন তেল ভর্তি টেংকাৰ

এইবাৰ বাগৰি পৰিল কেৰাচিন তেল ভর্তি এখন টেংকাৰ। ইয়াৰ পাছতেই হাতে হাতে গেলন, বাল্টি লৈ সেই স্থানত ভিৰ কৰিলেহি একাংশ লোকে। বাগৰি পৰা তেল গেলনত ভৰাবলৈ মানুহৰ লাগিল হেতা-ওপৰা। এই ঘটনা সংঘটিত হৈছে তিতাবৰত।

শনিবাৰে কেৰাচিন তেলক লৈ তিতাবৰৰ একাংশ লোকৰ মাজত হেতা-ওপৰা লাগে। নাগালেণ্ডলৈ কেৰাচিন তেল কঢ়িয়াই নিয়া এখন টেংকাৰ তিতাবৰৰ কাছজান বামুণগাঁওত দুৰ্ঘটনাত পতিত হৈ পথৰপৰা বাগৰি পৰে। ইয়াৰ পাছতেই দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ পৰা কেৰাচিন তেল নিগৰি বৈ যাবলৈ ধৰে। কথাটো বনজুইৰ দৰে বিয়পি পৰে৷ লগে লগে হাতে হাতে বটল, বাল্টিং, গেলন লৈ তেল সংগ্ৰহ কৰিবলৈ ঘৰৰ পৰা ঢপলিয়াই আহিল একাংশ লোক। পথছোৱাৰ নলাটোত কেৰাচিন তেল ভৰ্তি হৈ পৰাত স্থানীয় লোকসকলে তেল সংগ্রহ কৰিবলৈ হেতা-ওপৰা লগায়। আৰক্ষীয়ে এই কাৰ্যত বাৰে বাৰে বাধা দিয়ে যদিও তেওঁলোকে আৰক্ষীৰ কথাৰ প্ৰতি কোনো ভ্রুক্ষেপেই নকৰিলে। কেৱল তেল সংগ্ৰহ কৰি ঘৰলৈ লৰ মাৰিলে লোকসকলে। স্থানীয় লোকৰ এনে লোভ দেখি সদাব্যস্ত ধোদৰ আলিয়েদি পাৰ হৈ যোৱা মানুহে ৰ লাগি চাই ৰয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...