ঔটেঙাৰ বহু ঔষধি গুণৰ বিষয়ে বহু নজনা কথা

আমি সকলোৱে ঔটেঙা বিভিন্ন ব্যঞ্জন বনাই খাওঁ। বহুতে ঔটেঙা মাছৰ সৈতে বা বিভিন্ন পদ্ধতিৰে আঞ্জা বনাই খায়। লগতে বেছিসংখ্যক মানুহে ঔটেঙাৰ আচাৰো বনায়। কিন্তু ঔটেঙাৰ ঔষধি গুণৰ কথা আপুনি জানেনে?

ঔটেঙাৰ বিষয়ে বহু নজনা কথা –
ইয়াত ভিটামিন B, ভিটামিন C, বিতা কেৰোটিন, ৰাইবফ্লেভিন, কাৰ্বহাইড্ৰেট, প্ৰটিন, কেলচিয়াম, ফচফৰাছ, ফাইবাৰ ইত্যাদি পোৱা যায়।

১. ডায়েবেটিচ ৰোগত ঔটেঙা খালে সুফল পোৱা যায়। তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে। সেয়েহে ডায়েবেটিচ ৰোগীয়ে মাজে মাজে ঔটেঙাৰ ব্যঞ্জন খোৱা উচিত। ঔটেঙা ৰদত শুকুৱাই গুৰি কৰি পাউদাৰ হিচাবে সংৰক্ষণ কৰিও থব পাৰি। ডায়েবেটিচ ৰোগীয়ে মাজে সময়ে এই পাউদাৰ খাব পাৰে । অফ চিজনত খাব পাৰি আৰু ৰোগীয়েও সুফল পাব।

২. কোষ্ঠকাঠিন্যত ঔটেঙা খালে সুফল পোৱা যায়।

৩. মেদবহুলতাত ভোগা সকলে ঔটেঙা খালে সুফল পাব। টেঙাই এনেও চৰ্বি কাটে। গতিকে মেদবহুল লোকে ঔটেঙা খোৱা উচিত।

৪. কলেষ্টৰল বৃদ্ধি হলে ঔটেঙা খালে সুফল যায়।

৫. চুলিৰ গুৰিত উফিৰ সমস্যা হলে ঔটেঙাৰ ভিতৰৰ বিজলুৱা অংশৰে চুলি ধুব লাগে। ই চুলিৰ উজ্জ্বলতাও বৃদ্ধি কৰে। ঔটেঙা বিজলেৰে মূৰ ধোৱা পৰম্পৰা অতীত কালৰে পৰা চলি আহিছে।

NKTV Digital
Author: NKTV Digital

352 COMMENTS

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...