IPL ট্ৰফীক লৈ আনন্দৰ লহৰ চেন্নাই ছুপাৰ কিংছৰ

IPL ট্ৰফীক লৈ আনন্দৰ লহৰ চেন্নাইৰ

IPL ট্ৰফী বিজয় উদযাপনক লৈ চেন্নাই ছুপাৰ কিংছৰ বিস্তৃত কাৰ্যসূচী

IPL ট্ৰফী লৈ তিৰুপতি দৰ্শন CSKৰ কৰ্তৃপক্ষৰ

তিৰুপতি মন্দিৰত বিশেষ পূজা দিলে CSKৰ মেনেজমেণ্টে

দেওবাৰে পঞ্চমবাৰলৈ IPL ট্ৰফী দখল কৰিছিল চেন্নাই ছুপাৰ কিংছে

আহমেদাবাদৰ পৰা চেন্নাইলৈ নিয়া হ’ল IPL ট্ৰফী। পঞ্চমবাৰলৈ  IPL ট্ৰফী দখল কৰাৰ পিছত চেন্নাই ছুপাৰ কিংছৰ মেনেজমেণ্টে এই বিজয় উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বুধবাৰে IPL ট্ৰফী লৈ তিৰুপতি মন্দিৰত উপস্থিত হ’লগৈ CSKৰ পৰিচালনা সমিতিৰ সদস্যসকল। উল্লেখ্য যে বিনিয়োগকাৰী, ইণ্ডিয়ান চিমেণ্টছৰ স্বত্বাধিকাৰী এন শ্ৰীনিবাসন আৰু তেওঁৰ কন্যা ৰূপা গুৰুণ্ঠক লৈ বোৰ্ড অব ডাইৰেক্টৰছে CSKক পৰিচালনা কৰে। এই সমিতিৰ নেতৃত্বতে আজি IPL ট্ৰফী লৈ তিৰুপতি মন্দিৰত বিশেষ পূজা আগবঢ়োৱা হয়। IPL ট্ৰফী লৈ মন্দিৰত পূজা–অৰ্চনা আগবঢ়াই সামাজিক মাধ্যমক পৰস্পৰ বিৰোধীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। একাংশই এয়া উপযুক্ত কাৰ্য বুলি মন্তব্য কৰাৰ বিপৰীতে আন একাংশ নেটিজেনে এয়া অনাৱশ্যকীয় বুলি দাবী কৰিছে।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন সম্প্ৰতি জাপান ভ্ৰমণত ব্যস্ত

আজি দুপৰীয়া জাপানৰ পৰা উভতি আহিব মুখ্যমন্ত্ৰী ষ্টেলিন

মুখ্যমন্ত্ৰীৰ প্ৰত্যাবৰ্তনৰ পিছতহে মূল বিজয় উৎসৱ CSKৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যাৱৰ্তনৰ পিছতহে CSKৰ খেলুৱৈসকলক লৈ IPL ট্ৰফী বিজয়ৰ বাবে এক আনন্দোৎসৱৰ কাৰ্যসূচী ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে CSKৰ মেনেজমেণ্টে। অৱশ্যে CSKৰ জয়ৰ অন্যতম নায়ক ৰবীন্দ্ৰ জাদেজা আৰু আজিংকা ৰাহানেই ইতিমধ্যে অহা ৭ জুনৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অংশ ল’বলৈ ইংলেণ্ডলৈ ৰাওনা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...