মেৰাপানী সীমান্তৰ নেঘেৰীবিলত পুনৰ উচ্ছেদৰ প্ৰস্তুতি, ৫৯টা পৰিয়ালক ঘৰ খালী কৰাৰ নিৰ্দেশ

মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত পুনৰ উচ্ছেদ অভিযানক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শনিবাৰৰ পৰা অঞ্চলটোত পুনৰ উচ্ছেদ অভিযান আৰম্ভ হ’ব। উচ্ছেদৰ স্থগিতাদেশ লাভ কৰা ৫৯টা পৰিয়ালক ঘৰ খালী কৰিবলৈ বন বিভাগে চূড়ান্ত নিৰ্দেশ জাৰি কৰিছে।

শুকুৰবাৰে বন বিভাগে মাইকযোগে প্ৰচাৰ চলাই পৰিয়ালকেইটাক নিজৰ বয়-বস্তু সামৰি ঘৰ এৰিবলৈ নিৰ্দেশ দিয়ে। বন বিভাগৰ এই নিৰ্দেশৰ পিছতে অঞ্চলটোত পুনৰ উত্তেজনা আৰু উৎকণ্ঠাই বিৰাজ কৰিছে। উচ্ছেদৰ সন্মুখীন হোৱা পৰিয়ালকেইটাৰ মাজত নিজৰ ঘৰ-দুৱাৰ হেৰুওৱাৰ আশংকাই দেখা দিছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও নেঘেৰীবিলত উচ্ছেদ অভিযান চলাইছিল প্ৰশাসনে। সেই সময়ত মুঠ ২০৫টা পৰিয়ালৰ ভিতৰত ৫৯টা পৰিয়ালে উচ্চতম ন্যায়ালয়ৰ পৰা স্থগিতাদেশ লাভ কৰাৰ ফলত সাময়িকভাৱে উচ্ছেদৰ পৰা সকাহ পাইছিল।

কিন্তু পুনৰ ঘৰ খালী কৰাৰ নিৰ্দেশ লাভ কৰাৰ পিছত পৰিয়ালকেইটাৰ ভৱিষ্যতক লৈ অনিশ্চয়তা গভীৰ হৈ পৰিছে। শনিবাৰৰ পৰা হ’বলগীয়া উচ্ছেদ অভিযানক লৈ এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৩ গৱেষক-শিক্ষাবিদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ২০২৬ চনৰ Stanford/Elsevier Top...

ডুবাই যোৱাৰ সপোন দেখোঁতেই বিমান হ’ল মিছ! নিচাসক্ত অৱস্থাত বিমানবন্দৰৰ পাৰ্কিঙতে টোপনি গ’ল যাত্ৰী

ডুবাই যোৱাৰ পৰিকল্পনা আছিল, কিন্তু বিমানত উঠাৰ সলনি বিমানবন্দৰৰ...

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫০ টকালৈ বৃদ্ধি, ডিজেলৰ শুল্ক হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কেন্দ্ৰৰ

পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে...

আমেৰিকাৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰাণঘাতী আক্ৰমণ ,১৬ বছৰীয়া কিশোৰৰ গুলীচালনাত নিহত চাৰিজন

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল প্ৰাথমিক বিদ্যালয়ত...